মিছা নকয় মমতাই ! ২০০ খনো আসন নাপায় বিজেপিয়ে...
মিছা নকয় মমতাই ! ২০০ খনো আসন নাপায় বিজেপিয়ে... 
লোকসভা ২০২৪

মিছা নকয় মমতাই ! ২০০ খনো আসন নাপায় বিজেপিয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বংগৰ 'অগ্নিকন্যা' মমতাই হেনো মিছা নকয়। সংসাৰত শান্তি বজাই ৰাখিবলৈ যিখিনিৰ প্ৰয়োজন সেইখনিৰ বাহিৰে বেলেগ মিছা কথা নকয়। অপ্ৰয়োজনীয় মিছা কথা নোকোৱা মমতাই কৈছে, এইবাৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশত ২০০ খনো আসন লাভ নকৰে হেনো বিজেপিয়ে।

তেওঁৰ মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে যিসমূহ সমীক্ষা প্ৰকাশ পাইছে সেই সকলোবোৰ ভুৱা। এই সমীক্ষাসমূহত বিজেপিক ইচ্ছাকৃতভাৱে আগত ৰখা হৈছে। এইসকলো ভুৱা। সমগ্ৰ দেশত বিজেপিয়ে কোনো কাৰণতে ২০০ খনো আসন লাভ নকৰে। লাখ লাখ টকা খৰচ কৰি এই ভুৱা সমীক্ষা প্ৰচাৰ কৰা হৈছে। এই সমীক্ষাত কাণ দিব নালাগে। মানুহৰ চকুৱেই কৈছে বিজেপিৰ পৰাজয় নিশ্চিত।

শুকুৰবাৰে দেশজুৰি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়ত মুৰ্ছিদাবাদত এক জনসভা সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই মন্তব্য কৰিছে। ইয়াৰোপৰি তেওঁ নিৰ্বাচন আয়োগকো লক্ষ্য কৰি তীক্ষ্ণ মন্তব্য কৰিছে।

তেওঁ কৈছে, যাৰ বিয়া তেওঁৱেই পুৰোহিত। এনেকুৱা ঘটনা প্ৰথম দেখিছোঁ। কিয় ৰাজ্যৰ আৰক্ষীক সম্পূৰ্ণৰূপে আঁতৰাই আপোনালোকে কেৱল কেন্দ্ৰীয় বাহিনীৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰিছে? যাতে মানুহে ভোট দিব নোৱাৰে?

এই সভাতেই তেওঁ 'ইণ্ডিয়া' প্ৰসংগত কয়, কোনোবাই কোনোবাই কৈছে আমি 'ইণ্ডিয়া' আমাক ভোট দিয়ক। 'ইণ্ডিয়া' ইয়াত নাই। 'ইণ্ডিয়া' দিল্লীত আছে। আমিয়েই গঠন কৰিছোঁ। কংগ্ৰেছ, চি পি এম আছে, ইয়াত 'ইণ্ডিয়া' নাই। এইবোৰ বিজেপিয়ে কৈ আছে। তেওঁলোকক এটা ভোট দিয়া মানে বিজেপিক দুটা ভোট দিয়া। এটাও ভোট নিদিব।

লগতে তেওঁ কয়, 'ইণ্ডিয়া'ক আগন্তুক দিনত তেওঁৱেই নেতৃত্ব দিব। কিন্তু বংগত কংগ্ৰেছ আৰু চি পি আই এমে বিজেপিৰ দালালি কৰে। সেয়ে বংগত তেওঁলোকক সমৰ্থন নকৰিব। সভাত লগতে তেওঁ কয়, মই মিছা কথা কমকৈ কোৱাৰ বাবেই ৰাজনীতিত এতিয়ালৈকে টিকি আছে।