মণিপুৰে দেখুৱাইছে আদৰ্শঃ গণতন্ত্ৰৰ উৎসৱলৈ ব্যাপক উৎসাহ...
মণিপুৰে দেখুৱাইছে আদৰ্শঃ গণতন্ত্ৰৰ উৎসৱলৈ ব্যাপক উৎসাহ... 
লোকসভা ২০২৪

মণিপুৰে দেখুৱাইছে আদৰ্শঃ গণতন্ত্ৰৰ উৎসৱলৈ ব্যাপক উৎসাহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰায় এবছৰ ধৰি সংঘৰ্ষত জৰ্জৰিত এখন ৰাজ্য। দুই জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষত জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত হোৱা ৰাজ্যখনত এতিয়াও অব্যাহত আছে হিংসাত্মক পৰিস্থিতি।

গোষ্ঠীগত হিংসাত ঘৰ, সম্পত্তি হেৰুওৱা লোকসকলে এতিয়াও বাস কৰি আছে শিবিৰত। শিবিৰৰ পৰা উভতি যোৱাৰ পৰিবেশো নাই, উভতি গৈ থাকিবলৈ ঘৰো নাই। ৰাজনৈতিক মুনাফা লাভৰ অংকত বিধ্বস্ত হোৱা এই ৰাজ্যখনতো অনুষ্ঠিত হৈছে নিৰ্বাচন।

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে পৰিচিত ভাৰতত আজি নিৰ্বাচনী উৎসৱ আৰম্ভ হৈছে। এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ পুৱাৰে পৰা হিলদৌল ভাঙি ওলাই আহিছে জনতা। ৰাজনীতি আৰু ৰাজনৈতিক নেতাৰ কুচক্ৰান্তত পৰি সৰ্বস্ব হেৰুৱালেও মণিপুৰৰ জনতাও আগবাঢ়ি আহিছে ভোট দিবলৈ। এয়াই ভাৰতীয় গণতন্ত্ৰ।

শান্তি কি, কেনেকুৱা সেই বিষয়ে পাহৰি যোৱা মণিপুৰত পুৱা ৯-৩০ বজালৈকে সাব্যস্ত হৈছে ১৩.০১ শতাংশ ভোটাধিকাৰ। ৰাজ্যখনত আছে দুটাকৈ লোকসভা সমষ্টি। এটা ইনাৰ মণিপুৰ আৰু আনটো আউটাৰ মণিপুৰ।

ইয়াৰে ইনাৰ মণিপুৰ সমষ্টিত ১৩.৮২ শতাংশ আৰু আউটাৰ মণিপুৰত ১১.৫৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ৰাজ্যখনৰ যিসকল লোক শিবিৰত আছে সেইসকল লোকৰ বাবে নিৰ্বাচন আয়োগে শিবিৰতে ভোটদান কৰাৰ বিশেষ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে, এই ৰাজ্যখনত ২০২৩ বৰ্ষৰ ৩ মে'ত আৰম্ভ হৈছিল কুকি আৰু মেইটেইসকলৰ মাজত সংঘৰ্ষ। এই সংঘৰ্ষ এতিয়াও অন্ত পৰা নাই। কেন্দ্ৰীয় চৰকাৰেও একপ্ৰকাৰে গুৰুত্বহীন কৰিছে এই ৰাজ্যখনক। অশান্ত ৰাজ্যখনক শান্ত হ'বলৈ এবাৰলেও আহ্বান জনোৱা নাই প্ৰধানমন্ত্ৰীয়ে। ৰাজ্যখন ভ্ৰমণ কৰা দূৰৰে কথা।

ৰাজ্যখনত প্ৰায় ২৫০ জন লোকক হত্যা কৰাৰ বিপৰীতে হাজাৰৰো অধিক লোক সংঘাতৰ ফলত আহত হৈছে। এতিয়াও সন্ধানহীন হৈ আছে বহুজন। গৃহহীন হৈছে ৬০ হাজাৰৰো অধিক লোক। প্ৰায় ৪৮০০ ঘৰ ভস্মীভূত হৈছে। ৰাজ্যখনৰ৩৮৬ টাকৈ ধৰ্মীয় উপাসনা স্থলী ধ্বংস কৰা হৈছে।

এনে এক হিংসা জৰ্জৰিত ৰাজ্যত কিন্তু শান্তিৰ পৰিবেশ বিৰাজ কৰা আন বহু ৰাজ্যতকৈ ভোটাধিকাৰ সাব্যস্তৰ হাৰ অধিক। অৰুণাচলৰ দৰে ৰাজ্যত পুৱা ৯ বজালৈকে ভোটাধিকাৰ সাব্যস্ত হৈছে ৪.৯৫ শতাংশ। লক্ষাদ্বীপত ৫.৫৯ শতাংশ, ছিকিমত ৬.৬৩ শতাংশ, মহাৰাষ্ট্ৰত ৬.৯৮ শতাংশ।