মোডীৰ সুৰতেই সুৰঃ জেপি নড্ডায়ো ক'লে কংগ্ৰেছ SC, ST, OBC ৰ অধিকাৰ কাঢ়ি মুছলমানক দিব...
মোডীৰ সুৰতেই সুৰঃ জেপি নড্ডায়ো ক'লে কংগ্ৰেছ SC, ST, OBC ৰ অধিকাৰ কাঢ়ি মুছলমানক দিব... 
লোকসভা ২০২৪

মোডীৰ সুৰতেই সুৰঃ জেপি নড্ডায়ো ক'লে কংগ্ৰেছ SC, ST, OBC ৰ অধিকাৰ কাঢ়ি মুছলমানক দিব...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ এক জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সম্পদ পুনৰ বিতৰণ সন্দৰ্ভত কৰা বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্যক লৈ দেশৰ ৰাজনীতি গৰম হৈ থকাৰ লগতে নিৰ্বাচন আয়োগতো গোচৰ দাখিল হৈছে। নৰেন্দ্ৰ মোডীৰ সেই ভাষ্যৰ বিতৰ্ক মাৰ নৌযাওঁতেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডায়ো পুনৰ তেনে এক অনুৰূপ মন্তব্য কৰিছে।

নড্ডাৰ মতে কংগ্ৰেছ আৰু INDIAই এছ টি, এছ চি আৰু অ’ বি চিৰ অধিকাৰ কাঢ়ি আনি মুছলমানসকলক প্ৰদান কৰিব। নাড্ডাই কয়, কংগ্ৰেছ আৰু INDIAৰ গোপন এজেণ্ডা হৈছে এছ টি, এছ চি আৰু অবিচিৰ অধিকাৰ কাঢ়ি আনি মুছলমানসকলক দিয়া। কংগ্ৰেছে কৈছে যে, দেশৰ সম্পদৰ প্ৰথম অধিকাৰ মুছলমানসকলৰ। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় দেশৰ সম্পদৰ প্ৰথম অধিকাৰ হৈছে দৰিদ্ৰ লোকসকলৰ। মনমোহন সিঙে ভুলবশতঃ সেই মন্তব্য কৰা নাছিল। তেওঁ ইচ্ছাকৃতভাৱে কৈছিল। কাৰণ ২০০৯ চনৰ এপ্ৰিলত মুম্বাইত এক প্ৰশ্নৰ উত্তৰ দিওঁতে মনমোহন সিঙে তেওঁ পূৰ্বে কৰা মন্ত্যত অটল থাকি কৈছিল- সংখ্যালঘুসকলক অগ্ৰাধিকাৰ দিয়া উচিত আৰু দেশৰ সম্পদৰ প্ৰথম অধিকাৰ তেওঁলোকৰ হ’ব লাগে।

নাড্ডাৰ অভিযোগ কংগ্ৰেছে ইচ্ছাকৃতভাৱে ছাচাৰ কমিটীৰ তথ্যৰ ফলাফল ব্যৱহাৰ কৰিছিল আৰু মুছলমানসকলৰ অৱস্থা দলিততকৈ বেয়া আছিল বুলি দাবী কৰি প্ৰতিবেদনখন মিছাকৈয়ে উদ্ধৃতি কৰিছিল। তেওঁ কয়, "ছাচাৰ কমিটীৰ প্ৰতিবেদনৰ জৰিয়তে মিছা বিবৃতি দিয়া হৈছিল আৰু কোৱা হৈছিল যে মুছলমানসকল দলিততকৈ বেয়া অৱস্থাত আছে। ইয়াৰ অৰ্থ হৈছে যে কংগ্ৰেছে ইতিমধ্যে মুছলমানসকলক এছ চি ঘোষণা কৰিবলৈ আৰু তেওঁলোকক এছ চি সকলে লাভ কৰা সংৰক্ষণৰ সুবিধা প্ৰদান কৰিবলৈ এটা আধাৰ সৃষ্টি কৰিছে। তেওঁ কয়, কংগ্ৰেছে অনুসূচীত জাতি (এছ চি), অনুসূচীত জনজাতি (এছ টি) আৰু অ'বিচিক ঘৃণা কৰে।

ইয়াৰ পূৰ্বে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে কংগ্ৰেছৰ ইস্তাহাৰ প্ৰকাশ হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বৃদ্ধি পাইছে। কাৰণ কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰত তোষণৰ পুৰণি অভ্যাসৰ পুনৰাবৃত্তি কৰিছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজস্থানৰ এক জনসভাত মুছলমানসকলক অনুপ্ৰৱেশকাৰী আখ্যা দিছিল। তেওঁ অভিযোগ কৰিছিল কংগ্ৰেছে দেশৰ সম্পদসমূহ মুছলমানৰ মাজত পুনৰ বিতৰণ কৰিব। মোডীৰ এই মন্তব্যৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিছিল কংগ্ৰেছে। এই বিতৰ্কই দেশজুপি প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ মাজতে সমালোচনাৰ সন্মুখীন হৈছিল নিৰ্বাচন আয়োগে। তাৰ মাজতে অৱশ্যে আয়োগে প্ৰধানমন্ত্ৰীলৈ বিষয়টোৰ সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। এতিয়া লক্ষ্যণীয় হ'ব জেপি নড্ডাৰ এই মন্তব্যক কংগ্ৰেছে কেনেদৰে প্ৰত্যাহ্বান জনায়।