লোকসভা নিৰ্বাচনৰ পাছতে BJP-UPPL ৰ মাজত ফাট মেলিবঃ হাগ্ৰামা মহিলাৰী
লোকসভা নিৰ্বাচনৰ পাছতে BJP-UPPL ৰ মাজত ফাট মেলিবঃ হাগ্ৰামা মহিলাৰী 
লোকসভা ২০২৪

লোকসভা নিৰ্বাচনৰ পাছতে BJP-UPPL ৰ মাজত ফাট মেলিবঃ হাগ্ৰামা মহিলাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ''ইউ পি পি এল দলৰ অৱস্থা খুব বেয়া। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত ইউ পি পি এল আৰু বিজেপিৰ মাজত ফাট মেলিব।'' এই মন্তব্য প্ৰকাশ কৰিছে বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে।

আজি কোকৰাঝাৰ জিলাৰ ছালাকাটি ঈদগাহ ময়দানত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পিছত হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ আগত উক্ত মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কয়- জিলাখনৰ বিভিন্ন প্ৰান্তত আজি বিপিএফৰ ছটা কাৰ্যসূচী আছিল। প্ৰতিটো কাৰ্যসূচীত সকলো জাতি -জনগোষ্ঠীৰ লোক ওলাই আহিছে। জনতাৰ ঢৌ দেখি এইটো ক'ব পাৰি যে, বিপিএফ দলৰ ফলাফল খুব ভাল হ'ব। বিপিএফৰ কোনো প্ৰতিদ্বন্দী নাই বুলি উল্লেখ কৰি অহা ১৯ এপ্ৰিলত বিপিএফ দলৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে মনোনয়ন দাখিল কৰিব বুলি সদৰি কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

উল্লেখ্য যে আজি ছালাকাটিত অনুষ্ঠিত হোৱা বিপিএফৰ দলৰ নিৰ্বাচনী সভাত শতাধিক লোকে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে। আজিৰ নিৰ্বাচনী সভাখনত বিপিএফৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ ছালাকাটি সমষ্টিৰ পৰিষদীয় সদস্য দেৰহাছাৎ বসুমতাৰীও উপস্থিত আছিল।