জীৱন শৈলী

ঘৰটোত এইখিনি পৰিৱৰ্তন কৰক

asomiyapratidin

ডিজিটেল ডেস্ক: আপোনাৰ উপাৰ্জন ভাল আৰু আপুনি কঠোৰ পৰিশ্ৰমো কৰে।কিন্তু ইমানৰ পাছতো আপোনাৰ হাতত ধন-টকা নাথাকে নেকি ? ইয়াৰ কাৰণ হ'ব পাৰে আপোনাৰ ঘৰত থকা বাস্তু ত্ৰুটি। হয়, বাস্তু দোষৰ বাবে বহু সময়ত ঘৰৰ সুখ-সমৃদ্ধিও নাইকিয়া হয়।এনে পৰিস্থিতিত আপুনি ঘৰৰ কিছুমান বস্তু সলনি কৰি ঘৰৰ বাস্তু ত্ৰুটি আঁতৰাব পাৰে। ইয়াৰ ফলত কুবেৰ দেৱতাই আপোনাৰ ঘৰত প্ৰৱেশ কৰিব আৰু আপুনি বহু টকাৰ অধিকাৰী হ’ব।আজি এই বিষয়ে সবিশেষ জানো আহক-

ঘৰৰ এই দিশত টকা ৰাখিব 

উত্তৰ দিশটো হৈছে সম্পদৰ দিশ। কুবেৰ দেৱতা এই দিশত বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে আপোনাৰ সাঁচতীয়া টকাখিনি ঘৰৰ উত্তৰ দিশত ৰাখিব।তদুপৰি, টকা থোৱা আলমাৰিটো এনেদৰে ৰাখিব যাতে দুৱাৰখন উত্তৰ দিশত খোল খাই, এনে হ’লে ঘৰখন টকাৰে উভৈনদী হৈ পৰিব।

এই দিশত মানি প্লাণ্ট ৰাখক 

বাস্তু বিশ্বাস অনুসৰি মানি প্লান্ট উত্তৰ দিশত ৰোপণ কৰিব লাগে।ইয়াক অতি শুভ বুলি গণ্য কৰা হয়।কিন্তু মানি প্লান্ট জোপা সদায়েই মাটিত ৰোপণ কৰিব, পানীত জীয়াই নথ’ব আৰু যদি পানীত ৰাখিম বুলি ভাবিছে, তেতিয়া ইয়াক কাঁচৰ বটল এটাত ৰাখিব। 

কুবেৰ ভগৱানৰ ফটো

ভগৱান কুবেৰক সম্পদৰ দেৱতা বুলি গণ্য কৰা হয়। সেয়ে সদায় উত্তৰ দিশত ভগৱান কুবেৰৰ এখন ফটো ৰাখিব। দৈনিক কুবেৰাক উপাসনা কৰিলে আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ'ব আৰু সম্পদো প্ৰাপ্ত কৰা হ'ব। 

উত্তৰ দিশটো পৰিষ্কাৰ ৰাখিব 

অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰিবলৈ সদায়ে আপোনাৰ ঘৰৰ উত্তৰ দিশ পৰিষ্কাৰ ৰাখিব। কেতিয়াও আৱৰ্জনা এই দিশত জমা হ'বলৈ নিদিব। বিশ্বাস অনুসৰি, এই দিশত আৱৰ্জনা থাকিলে ঘৰখনলৈ দৰিদ্ৰতা আহিবলৈ আৰম্ভ কৰে। 

ক্ৰিস্টেল পিৰামিড 

ঘৰত এটা ক্ৰিস্টেল পিৰামিড ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। বাস্তু বিশ্বাস অনুসৰি ইয়াক ঘৰত ৰাখিলে অৰ্থনৈতিক দৰিদ্ৰতা আঁতৰ হয়। ঘৰখনৰ প্ৰতিজন ব্যক্তিয়েই ধন সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পায়। ঘৰৰ মানুহে আটাইতকৈ বেছি সময় অতিবাহিত কৰা ঠাইত পিৰামিডটো ৰাখিব।