মুখ্য-পৃষ্ঠা

চিটিজেন ৰিপ’ৰ্টাৰ হত্যাৰ বিষয়ত উদ্বেগ প্ৰেছ অম্বেল কেম্পইনৰঃ পাকিস্তানত চলিত বৰ্ষত হত্যা কৰা হ’ল ৭ জনক..

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশ্বব্যাপী সাংবাদিক সুৰক্ষা আৰু অধিকাৰ সংস্থা 'প্ৰেছ অম্বেল কেম্পেইন' চমুকৈ পি ই চিয়ে বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ, প্ৰশাসন আৰু সমাজৰ বিসংগতি উন্মোচন কৰাৰ বাবে পাকিস্তানৰ চিটিজেন ৰিপ'ৰ্টাৰ আৰু ডিজেটেল মিডিয়া ব্যৱহাৰকাৰীসকলৰ ধাৰাবাহিক ভাৱে হত্যা কৰা বিষয়টোত উদ্বেগ প্ৰকাশ কৰিছে। সংস্থাটোৱে এই চিটিজেন ৰিপ'ৰ্টাৰ আৰু ডিজেটেল মিডিয়া ব্যৱহাৰকাৰীসকলৰ হত্যাৰ তদন্তৰ দাবী জনাইছে।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি মুহাম্মাদ জাদা নামৰ এজন সক্ৰিয় পাকিস্তানী ডিজিটেল মিডিয়া ব্যৱহাৰকাৰীক ২০২১ চনৰ ৮ নৱেম্বৰত পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পাখতুন খোৱা প্ৰদেশৰ অন্তৰ্গত মালাকান্দ অঞ্চলৰ চাখাকোট অঞ্চলত থকা তেওঁৰ বাসগৃহত দুজন বন্দুকধাৰীয়ে হত্যা কৰিছিল। জাদাই (৩৫) চিটিজেন জাৰ্নেলিষ্ট পিকে নামৰ এক ডিজিটেল প্লেটফৰ্ম চলাই আছিল। এই ডিজিটেল মাধ্যমেৰে তেওঁ গৃহ জিলা মালাকান্দ সম্পৰ্কীয় প্ৰাসংগিক বিষয়বোৰ সামাজিকভাৱে পোষ্ট কৰিছিল।

অতি স্পষ্টবাদী এই ডিজিটেল মিডিয়া ব্যৱহাৰকাৰীগৰাকীয়ে সদায় অবৈধ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে নিজৰ স্থিতি গ্ৰহণ কৰিছিল আৰু নতুন প্ৰজন্মৰ যিসকলে এই ড্ৰাগছ ব্যৱহাৰৰ কবলত পৰিছে তেওঁলোকৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল। জাদাই দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদ, চৰকাৰী বিষয়া আৰু কিছুমান স্থানীয় নেতাৰ বিৰুদ্ধে সমালোচনা কৰিছিল।

জাদাই নিজৰ দাঙি ধৰা প্ৰতিবেদনৰ জৰিয়তে লাহা লহা জনপ্ৰিয়তা অৰ্জন কৰাৰ সমান্তৰালকৈ আৰক্ষী বিষয়াকে ধৰি কিছুমান প্ৰভাৱশালী ব্যক্তিৰ প্ৰধান শত্ৰু হৈ পৰিছিল। জাদাই দাবী কৰিছিল যে মালাকান্দ জিলাৰ এগৰাকী আৰক্ষী বিষয়াই তেওঁক তেওঁৰ কাৰ্যকলাপৰ বাবে হাৰাশাস্তি আৰু ভাবুকি দি আছিল। জাদাক সামাজিক মাধ্যমত পোষ্ট দিয়া বন্ধ কৰিবলৈ কোৱা হৈছিল আৰু অন্যথা ভয়ংকৰ পৰিণামৰ সন্মুখীন হ'বলৈ কোৱা হৈছিল।

উল্লেখ্য যে যোৱা ৪ নৱেম্বৰত পাকিস্তানৰ পশ্চিম সিন্ধপ প্ৰদেশৰ সংবাদ কৰ্মী নাজিম চামৱাল জোখিওকো হত্যা কৰা হৈছিল।ইয়াৰ মাত্ৰ কেইটামান দিন পিছতেই ৮ নৱেম্বৰত পুনৰ হত্যা কৰা হ'ল জাদাক। এই ঘটনাৰ পিছতে পি ই চিৰ মহা সচিব ব্লেজ লেম্পেনে কয় যে, খাইবাৰ পাখতুনখোৱাৰ মুখ্যমন্ত্ৰী মাহমুদ খানে মুহাম্মাদ জাদাৰ নৃশংস হত্যাকাণ্ডক গুৰুত্বসহকাৰে ল'ব লাগিব আৰু আশ্বাস দিব লাগিব যে অপৰাধীসকলে উচিত শাস্তি লাভ কৰিব।

মন কৰিবলগীয়া যে, সমস্যাগ্ৰস্ত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰখনে ইয়াৰ পূৰ্বে চলিত বছৰত মুঠ ৫ জন সাংবাদিকক হেৰুৱাইছিল। ১৮ মাৰ্চত অজয় লালৱানী, ১০ এপ্ৰিলত ৱাছিম আলম ২৪ এপ্ৰিলত আব্দুল ৱাহিদ ৰাইছানি, ১০ আগষ্টত কাশিফ হুছেইন ১০ অক্টোবৰত শ্বাহিদ জেহৰি হত্যাৰ বলি হ'বলগীয়া হৈছে। এই বিষয়ে পি ই চিৰ দক্ষিণ এছিয়াৰ প্ৰতিনিধি নৱ ঠাকুৰীয়াই কয় যে ভাৰত আৰু বাংলাদেশে কেইবাজনো সংবাদকৰ্মী হেৰুৱাবলগীয়া হৈছে।