২০১৪ চনত হে দেশে লাভ কৰিছিল স্বাধীনতাঃ বিজেপিক তৈলমৰ্দন কৰিবলৈ গৈ পুনৰ স্বাধীনতা সংগ্ৰামীৰ ত্যাগক নস্যাত ‘পদ্মশ্ৰী কংগনা ৰানাৱত’ৰ

২০১৪ চনত হে দেশে লাভ কৰিছিল স্বাধীনতাঃ বিজেপিক তৈলমৰ্দন কৰিবলৈ গৈ পুনৰ স্বাধীনতা সংগ্ৰামীৰ ত্যাগক নস্যাত ‘পদ্মশ্ৰী কংগনা ৰানাৱত’ৰ

ডিজিটেল ডেস্কঃ ইংৰাজৰ শাসনৰ পৰা দেশে কেতিয়া স্বাধীনতা লাভ কৰিছিল? এই প্ৰশ্নৰ উত্তৰ নিশ্চয় আপোনাৰ বাবে সহজ। আপুনি এটা মুহূৰ্তও অপেক্ষা নকিৰ এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব যে ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে ইংৰাজৰ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। কিন্তু এতিয়া আপুনি এই প্ৰশ্নৰ উত্তৰ দিবলৈ কিছু সময়ৰ বাবে ভাবিব লাগিব। দেশ প্ৰকৃততে ১৯৪৭ চনত স্বাধীনতা লাভ কৰিছিল নে? কাৰণ নতুনকৈ আবিৰ্ভাৱ ঘটা একাংশ ইতিহাসবিদে এতিয়া লিখিছে নতুনকৈ ইতিহাস। এই নতুন ইতিহাসবিদসকলৰ মতে ভাৰতে ১৯৪৭ চনত নহয় ২০১৪ চনত হে স্বাধীনতা লাভ কৰিছিল।

সততে নিজৰ বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি থকা, বলিউডৰ অভিনেত্ৰী, বিতৰ্কৰ ৰাণী কংগনা ৰানাৱতে নতুনকৈ অৱতাৰ লৈছে ইতিহাসবিদ হিচাপে। এইগৰাকী তথাকথিত ইতিহাসবিদেই এতিয়া দেশবাসীক নতুনকৈ ইতিহাসৰ পাঠ দিছে। সংবাদ গোষ্ঠী টাইমছৰ এখন সন্মিলনত ৰংগনাই উল্লেখ কৰিছে যে দেশে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰা নাছিল। দেশে প্ৰকৃততে স্বাধীনতা লাভ কৰিছে ২০১৪ চনত হে।

শাসনাধিস্ত বিজেপি দলক তৈলমৰ্দন কৰিবলৈ সদায়ে প্ৰচেষ্টা অব্যাহত ৰখা কংগনাই সততে বিতৰ্কিত বিষয়ত মাত মাতি বিতৰ্কৰ সূচনা কৰে আৰু ৰাজনৈতিক বতাহ গৰম কৰি তোলে। অভিনয় ক্ষেত্ৰখনতো নিজৰ সহযোগী শিল্পীকেই লক্ষ্য কৰি তীৰ্যক মন্তব্য কৰি হুলস্থুল কৰা কংগনাই অভিনয়ৰ ক্ষেত্ৰখনতকৈ এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনত হে অধিক মনোনিবেশ কৰিবলৈ লৈছে।

শেহতীয়াকৈ পদ্মশ্ৰী সন্মান লাভ কৰা কংগনাই টাইমছৰ সন্মিলনখনত কয়, ১৯৪৭ চনত দেশে প্ৰকৃততে স্বাধীনতা লাভ কৰা নাছিল। দেশে পাইছিল ভিক্ষা। দেশে প্ৰকৃততে স্বাধীনতা ২০১৪ চনত হে লা কৰে। কংগনাই এই কথাৰ জৰিয়তে যিদৰে বিজেপি দলক তৈলমদন কৰিলে ঠিক একেদৰে স্বাধীনতা সংগ্ৰামী মহান বীৰ সকলক অপমান কৰিলে। আশ্চৰ্যজনক কথা এইয়ে যি টাইমছৰ এই সন্মিলনত উপস্থিত থকা অধিকাংশ ব্যক্তিয়েই কংগনাই স্বাধীনতা সংগ্ৰামীক অপমান কৰি কোৱা এই কথাত সমৰ্থন জনালে।

ইফালে কংগনাৰ এই মন্তব্য ভাইৰেল হৈ পৰাৰ লগে লগে বিতৰ্কৰ সূচনা হৈছে। আনহে নালাগে বিজেপিৰ সাংসদ বৰুণ গান্ধীয়েও কংগনাৰ এই বিতৰ্কিত মন্তব্যক সমালোচনা কৰিছে। টুইটাৰত বৰুণ গান্ধীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি কৈছে, কেতিয়াবা মহাত্মা গান্ধীৰ ত্যাগ আৰু তপস্যাৰ অপমান, কেতিয়াবা তেওঁৰ হত্যাকাৰীৰ প্ৰতি সন্মান, আৰু এতিয়া ৰাণী লক্ষ্মীবাই, ভগত সিং, চন্দ্ৰশেখৰ আজাদ, নেতাজী সুভাষ চন্দ্ৰ বসু আৰু লাখ লাখ স্বাধীনতা সংগ্ৰামীৰ ওচৰত ত্যাগৰ প্ৰতি অৱজ্ঞা। মই এই চিন্তাধাৰাক পাগলামি বুলি কওঁনে দেশদ্ৰোহী বুলি ক'ব পাৰো ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in