জুবিন গাৰ্গলৈ 'চুকাফা সাংস্কৃতিক সমন্বয় বঁটা'...
জুবিন গাৰ্গলৈ 'চুকাফা সাংস্কৃতিক সমন্বয় বঁটা'... 
মুখ্য-পৃষ্ঠা

জুবিন গাৰ্গলৈ 'চুকাফা সাংস্কৃতিক সমন্বয় বঁটা'...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে চুকাফা সাংস্কৃতিক সমন্বয় বঁটা। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলৈ লোৱা এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে জীৱনৰ ৫০ টা সোণাৱালী বছৰ অতিক্ৰম কৰা শিল্পী 'হাৰ্টথ্ৰব' জুবনি গাৰ্গক।

উল্লেখ্য যে, এ জে ৱাই চি পিয়ে প্ৰতিবছৰে ২ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় ভাৱে চুকাফা দিৱস উদযাপন কৰি আহিছে। সংগঠনটোৱে ২০২১ ত প্ৰতিবছৰে অসমৰ সমাজ, সংস্কৃতি, শৈক্ষিক আদি দিশলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে একোজনকৈ ব্যক্তিক চুকাফা সাংস্কৃতিক সমন্বয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেই অনুসৰিয়েই সংগঠনটোৱে প্ৰথমবাৰৰ বাবে এই বঁটা জুবিন গাৰ্গলৈ আগবঢ়াইছে। অহা ২ ডিচেম্বৰত চৰাইদেউ জিলাৰ সোণাৰিত অনুষ্ঠিত হ'বলগীয়া চুকাফা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত শিল্পী জুবিন গাৰ্গলৈ এই বঁটা আগবঢ়োৱা হব। এই বঁটাৰ লগত আছে মান পত্ৰ, স্মাৰক আৰু ১ লাখ টকা।