মুখ্য-পৃষ্ঠা

প্ৰথমে যুৱতীক গাড়ীৰে খুন্দা, পিছত উদণ্ড যুৱকে চুচৰাই নিলে কেইবা কিলোমিটাৰ, মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্ক: নৱবৰ্ষৰ প্ৰথম দিনটোতেই দিল্লীত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয়। ৰাজধানীৰ কাঞ্জাৱালা অঞ্চলত নিচাসক্ত অৱস্থাত থকা যুৱক কেইজনমানে স্কুটি চলাই থকা এজনী যুৱতীক গাড়ীৰে খুন্দা মাৰি কেইবা কিলোমিটাৰ লৈ ৰাজপথত চুচৰাই নিয়ে।যুৱতী গৰাকীৰ ঘৰ বিহাৰত।

এই ঘটনাত ভুক্তভোগী যুৱতী গৰাকীৰ ইতিমধ্যে মৃত্যু হয়। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে যে নিচাসক্ত যুৱক কেইজনমানে প্ৰথমে যুৱতী গৰাকীক গাড়ীৰে খুন্দা মাৰে আৰু পাছত বহু দূৰলৈ চুচৰাই লৈ যায়। মৃতদেহ উদ্ধাৰৰ সময়ত যুৱতী গৰাকীক নগ্ন অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

এই ঘটনাৰ ভিডিঅ' পোহৰলৈ অহাত দেখিবলৈ পোৱা গৈছে যে যুৱতী গৰাকীৰ দুয়োখন ভৰি, মুৰ আৰু শৰীৰৰ আন অংশত গভীৰ ভাৱে আঘাত পাইছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা অভিযুক্ত সকল ক্ৰমে দীপক খান্না (২৬), অমিত খান্না (২৫), কৃষ্ণ (২৭), মিথুন (২৬) আৰু মনোজ মিত্তাল (২৭) ।

যুৱতী গৰাকীৰ পৰিয়ালে অভিযোগ কৰে যে যুৱতী গৰাকীৰ লগত কু কৰ্মও সংঘটিত হৈছে গতিকে ইয়াৰ সঠিক তদন্ত হ'ব লাগে। যুৱতী গৰাকীৰ মাতৃয়ে কয় যে যুৱতী গৰাকীৰ শৰীৰৰ সকলো কাপোৰ ফাটি গৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি যুৱতী গৰাকীয়ে কামৰ পৰা প্ৰায় উভতি অহাৰ সময়তে এই ঘটনা সংঘটিত হয়। পুৱতি নিশা আৰক্ষীৰ ওচৰলৈ ফোন আহিছিল যে এখন গাড়ীত এগৰাকী যুৱতীৰ মৃতদেহ ওলমি আছে। তাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

আৰু পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত অঘটন! ৩ জনৰ মৃত্যু , আহত বহুতো...