ফ্ৰীজ নহয়, এইবাৰ মহিলাক হত্যা কৰি ছুটকেছত ভৰাই পেলাই দিলে হত্যাকাৰীয়ে
ফ্ৰীজ নহয়, এইবাৰ মহিলাক হত্যা কৰি ছুটকেছত ভৰাই পেলাই দিলে হত্যাকাৰীয়ে  
মুখ্য-পৃষ্ঠা

ফ্ৰীজ নহয়, এইবাৰ মহিলাক হত্যা কৰি ছুটকেছত ভৰাই পেলাই দিলে হত্যাকাৰীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ ৰাজধানী দিল্লীত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। দিল্লীৰ পাঞ্জাবী বাগ অঞ্চলত উদ্ধাৰ হোৱা মহিলাৰ এই মৃতদেহ এটা ছুটকেছত ভৰাই থোৱা অৱস্থাত পোৱা গৈছে।

মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে সেই স্থানত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰ হোৱা মহিলাৰ মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই। আৰক্ষীয়ে মহিলাগৰাকীক হত্যা কৰি এইদৰে ছুটকেছত ভৰাই থোৱা বুলি নিশ্চিত কৰিছে

হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ বয়স আনুমানিক ২৮ ৰ পৰা ৩০ বছৰ হ'ব বুলি সন্দেহ কৰা হৈছে। ইফালে ছুটকেছটোৰ ভিতৰতে মহিলাগৰাকীৰ মৃতদেহটো গলিবলৈ আৰম্ভ কৰিছে। আৰক্ষীয়ে সন্দেহ কৰিছে প্ৰায় ১০ দিন পূৰ্বেই মহিলাগৰাকীক হত্যা কৰা হৈছিল।

উল্লেখ্যে যে দিল্লীত যোৱা প্ৰায় এটা মাহৰ ভিতৰতে কেইবাটাও দেশ কপাই যোৱা হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছিল। এই হত্যাকাণ্ডই এতিয়াও দেশজুৰি চাঞ্চল্য সৃষ্টি কৰি আছে। তাৰ মাজতেই সংঘটিত হোৱা এই হত্যাকাণ্ডই পুনৰ ৰাজধানীখনত যে কোনো কাৰণতে সুৰক্ষিত নহয় সেই কথাক প্ৰমাণ কৰিছে।