সুৰা আৰু সুন্দৰীৰ বাবেই বিধ্বস্ত হৈছিল তেওঁ ! পেলেয়ে কৈছিল- তুমিয়েই শ্ৰেষ্ঠ খেলুৱৈ...

সুৰা আৰু সুন্দীৰৰ বাবেই বিধ্বস্ত হৈছিল তেওঁ ! পেলেয়ে কৈছিল- তুমিয়েই শ্ৰেষ্ঠ খেলুৱৈ...
সুৰা আৰু সুন্দীৰৰ বাবেই বিধ্বস্ত হৈছিল তেওঁ ! পেলেয়ে কৈছিল- তুমিয়েই শ্ৰেষ্ঠ খেলুৱৈ...
চলি আছে বিশ্বকাপ ফুটবল। এইবাৰ কাটাৰত ব্ৰাজিলে লৈছে দুৰ্দান্ত ৰূপ। বিশ্বকাপৰ অন্যতম দাবীদাৰ ব্ৰাজিল। ব্ৰাজিলৰ সৰ্বকালৰ শ্ৰেষ্ঠ কোন? গাৰিঞ্চাৰ বিষয়ে জানেনে? অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বিদ্যুৎ কলিতাৰ 'ঈশ্বৰ আমাক ফুটবল দিয়া' গ্ৰন্থৰ সহায়ত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

সুৰা, সুন্দৰী আৰু সম্ভোগ এই তিনিটা কাৰকৰ বাবেই ধ্বংস হৈ পৰিছিল তেওঁ। তেওঁৰ দেহত আছিল ঈশ্বৰ প্ৰদত্ত কোনো শক্তি। যাৰবাবে সুন্দৰী যুৱতীয়ে সান্নিধ্য বিচাৰি খেদি ফুৰিছিল তেওঁক।

মাত্ৰ ১৬ বছৰ বয়সতে কাৰখানাত একেলগে কাম কৰা নায়াৰ নামৰ যুৱতীগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি গৰ্ভৱতী কৰি তুলিছিল তেওঁ। বাধ্য হৈ বিয়া কৰাইছিল নায়াৰাক।

এগৰাকী দুগৰাকীকৈ মুঠ পাঁচগৰাকী পত্নী আৰু ১৪ টা সন্তানৰ পিতৃ হৈ পৰিছিল তেওঁ। এক কথাত তেওঁ হৈ পৰিছিল 'ছেক্স মেচিন'। ৰ'ব ইয়াত যৌনতাৰ কথা কবলৈ যোৱা নাই। ক'বলৈ গৈছোঁ বিশ্ব ফুটবলৰ অন্যতম এজন শক্তিশালী, সফল আৰু বিতৰ্কিত ফুটবলাৰৰ কথা।

ব্ৰাজিল ফুটবলত শ্ৰেষ্ঠ কোন? পেলে নে গাৰিঞ্চা? এই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগত কৈ থ‌ও বিশ্ব ফুটবলে কুৰি শতিকাৰ শ্ৰেষ্ঠ তিনিগৰাকী ফ'ৰ্ৱাৰ্ডৰ ভিতৰত স্থান দিয়া এগৰাকী অন্যতম ফুটবলাৰ হ'ল গাৰিঞ্চা। পিছে কোন এই গাৰিঞ্চা?

এটা বিসংগতি পূৰ্ণ শৰীৰৰ এজন ব্যক্তি। এখন ভৰি আনখন ভৰিতকৈ চুটি, সোঁভৰিখন আঁঠুৰ তলৰ অংশৰ পৰা পিচফাললৈ সোমোৱা, বাঁও ভৰিখন আগফাললৈ ওলোৱা। তেওঁক দেখিলে এনে লাগে যেন তেওঁ দুভৰিৰে খোজ কাঢ়িবলৈয়ো অক্ষম।

পিছে এইগৰাকী গৰিঞ্চাৰ দেহত আছিল ঈশ্বৰ প্ৰদত্ত শক্তি। খেল পথাৰত হৈ পৰিছিল অপ্ৰতিৰোধ্য। গাৰিঞ্চা মানে বিপক্ষৰ বাবে আছিল সন্ত্ৰাস। গৰিঞ্চাৰ বাবে ফুটবল আছিল কেৱল ড্ৰিবল। বিপক্ষৰ খেলুৱৈক ড্ৰিবল কৰি গৰিঞ্চাই লাভ কৰিছিল বুজাব নোৱাৰা এক অনুভূতি।

১৯৫৮ চনত পোন প্ৰথমবাৰৰ বাবে ব্ৰাজিলে বিশ্বকাপ জয়ৰ সুৱাদ লাভ কৰিছিল। জয়ৰ নায়ক আছিল পেলে আৰু গাৰিঞ্চা। বিশ্ব ফুটবলৰ ভয়ংকৰ ফ'ৰ্ৱাৰ্ড যুটিৰ নাম আছিল পেলে আৰু গাৰিঞ্চা।

১৯৬২ চনৰ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডতে প্ৰতিযোগিতাৰ বাবে বাহিৰ হ'ল পেলে। ইয়াৰ পিছতো একক শক্তিৰে প্ৰতিপক্ষৰ মাজত ড্ৰিবলৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে ব্ৰাজিলক বিশ্বকাপ জয়ৰ সুৱাদ দিলে গাৰিঞ্চাই।

ইয়াৰ পিছত আকৌ ১৯৭০ চনৰ বিশ্বকাপত নায়কলৈ পৰিনত হৈছিল পেলে। গাৰিঞ্চা ১৯৬৬ বিশ্বকাপৰ পৰাই দুৰ্বল হৈ পৰিছিল। সেয়ে আজিও ব্ৰাজিলত বিতৰ্ক হয়- শ্ৰেষ্ঠ কোন, পেলে নে গাৰিঞ্চা?

এই বিতৰ্কৰ অৱসান ঘটে এটা বাক্যৰে। পেলে মহান, কিন্তু ব্ৰাজিলে জন্ম দিয়া প্ৰতিভাধৰ খেলুৱৈগৰাকীৰ নাম গাৰিঞ্চা। অভিজ্ঞতা জৰিয়তে পেলে মহান হৈছিল। গাৰিঞ্চা জন্মগত প্ৰতিভা আছিল।

পেলেৰ লক্ষ্য আছিল সেয়ে পেলেক বিতৰ্ক‌ই চুব পৰা নাছিল। গাৰিঞ্চাৰ বাবে ফুটবল আছিল মনোৰঞ্জন। কেতিয়াও ছিৰিয়াছ নাছিল। নাছিল পেলেৰ দৰে স্থিৰ লক্ষ্য।

ল'ৰালি কালৰ পৰাই সুৰাসক্ত গাৰিঞ্চাই জীৱনৰ অধিকাংশ নিশা পাৰ কৰিছিল বাৰত। তেওঁক কেৱল প্ৰয়োজন হৈছিল সুৰা, সুন্দৰী আৰু সম্ভোগ। যাৰবাবে ইজনীৰ পিচত সিজনী বৈধ পত্নীৰ লগত বিবাহ বিচ্ছেদ হৈ হৈ উদং হৈ গৈছিল ব্ৰাজিলৰ নায়ক, দুবাৰৰ বিশ্বকাপ বিজয়ী তাৰকাৰ সকলো সম্পত্তি।

ক্ৰমশঃ নিসংগ হৈ পৰিল গাৰিঞ্চা। পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে সুৰা পান কৰিবলৈ এসময়ৰ নায়ক জনে ভিক্ষা পৰ্যন্ত খুজিবলৈ কুণ্ঠাবোধ নকৰিছিল। একে সময়তে দেহত ধৰা দিলে বিভিন্ন ৰোগেও।

চকুৰ সন্মুখতে এইদৰে অধপতন হোৱা ব্ৰাজিলৰ ফুটবলৰ একালৰ নায়কজনক কনফেডাৰচনে চিকিৎসাৰ ব্যৱস্থা কৰি দিলে। ৬ মাহৰ মূৰত সুস্থ হৈ উঠিল গৰিঞ্চা। উপাৰ্জনৰ বাবে ব্ৰাজিলৰ কফি ব'ৰ্ডে তেওঁলৈ আগবঢ়ালে চাকৰি।

তেওঁৰ কাম হ'ব ইউৰোপৰ দেশসমূহত ব্ৰাজিলৰ কফিৰ বিষয়ে প্ৰচাৰ কৰা। কথা মতেই কাম। এবাৰ গাৰিঞ্চাই ইটালীত কফিৰ প্ৰদৰ্শনীত ভাগ ল'লে। এগৰাকী ব্যক্তিয়ে আহি গাৰিঞ্চাক সুধিলে, ব্ৰাজিলৰ কফিৰ কথা শুনিছোঁ, কিন্তু সুৱাদ কেনেকুৱা?

গাৰিঞ্চাৰ উত্তৰ- মহাশয়, কফিৰ সোৱাদৰ বিষয়ে মই আপোনাক বুজাব নোৱাৰি দুঃখিত। কাৰণ মই আজিলৈ নিজেই সোৱাদ লোৱা নাই। কিন্তু মই আপোনাক গেৰাণ্টি দিব পাৰোঁ ব্ৰাজিলৰ 'কাছাকা'ৰ সোৱাদ কিন্তু ফেণ্টাষ্টিক। এবাৰ সোৱাদ ল'লে জীৱনত পাহৰিব নোৱাৰিব। (কাছাকা ব্ৰাজিলৰ এবিধ স্থানীয় মদ)

এয়াই আছিল গাৰিঞ্চা। এইগৰাকী ট্ৰেজিক হিৰ'ৰ বিষয়ে পেলেই কৈছিল, একমাত্ৰ গাৰিঞ্চাৰ বাবেই ব্ৰাজিলে দুবাৰ বিশ্বকাপ জয় কৰিলে। মই দেখাৰ ভিতৰত গাৰিঞ্চাই শ্ৰেষ্ঠ খেলুৱৈ। পেলেৰ এই কথাত গাৰিঞ্চাই কৈছিল You are the King man.

এইগৰাকী গাৰিঞ্চাই মাত্ৰ ৪৯ বছৰ বয়সত মৃত্যুক সাৱটি লৈছিল। গাৰিঞ্চাৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেওঁৰ কথা শুনি আপুনি যদি কেতিয়াবা হাঁহিব, কেতিয়াবা কান্দিব। কতিয়াবা আকৌ ঘৃণাত নাক কোঁচাই দিব। গাৰিঞ্চাক বিশ্ব ফুটবলে কেতিয়াও নাপহৰে, নাপাহৰে ব্ৰাজিলে।

ক্লিক কৰি পঢ়কঃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in