ৰেল ষ্টেচনৰ পৰা অপহৰণ যুৱক
ৰেল ষ্টেচনৰ পৰা অপহৰণ যুৱক 
মুখ্য-পৃষ্ঠা

যোৰহাট ৰেল ষ্টেচনৰ পৰা অপহৰণ যুৱকক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যত অপৰাধ, ড্ৰাগছ আদিৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ স্থিতি গ্ৰহণৰ নিৰ্দেশ দিছিল তেনে পৰিপ্ৰেক্ষিতত আৰক্ষীলৈ ভ্ৰক্ষেপ নকৰি সংঘটিত হৈছে ইটোৰ পাছত সিটো অপৰাধজনিত ঘটনা। কিছুদিন পূৰ্বে যোৰহাটত সংঘটিত হৈছিল এগৰাকী ব্যৱসায়ীক কোনো লোকে গুলীচালনা কৰা ঘটনা।

সেই ঘটনাৰ মাৰ নৌযাঁওতে উক্ত জিলাখনতে পুনৰ সংঘটিত হৈছে অপৰাধজনিত ঘটনা।বুধবাৰে চহৰখনৰ ৰেল ষ্টেচনৰ পৰা অমৰজিৎ প্ৰসাদ নামৰ এগৰাকী যুৱকক নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই  অপহৰণ কৰে।

জানিব পৰা মতে কোনো দুৰ্বৃত্তই অপহৃত অমৰজিৎৰ মুক্তিপণ হিচাপে পৰিয়ালৰ লোকক ৫০ লাখ টকাৰ দাবী কৰে। অৱশ্যে পাছলৈ উক্ত ধনৰ পৰিমাণ ৫লাখ টকালৈ হ্ৰাস কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ যে, অপহৃত অমৰজিৎৰ পৰিয়ালক দুৰ্বৃত্তই ৩ বাৰকৈ ফ’ন কৰা বুলি জানিব পৰা যায়। এই ঘটনাৱলী সমূহৰ পৰা এটা কথা অনুমেয় যে,অসম আৰক্ষীৰ ব্যৰ্থতাৰ চিৰাচৰিত ছবিখন শোহতীয়াকৈ সংঘটিত অপৰাধমূলক ঘটনাত ফুটি উঠিছে।

আৰু পঢ়কঃ মাছ মাৰি লাখপতি হোৱাৰ সুৱৰ্ণ সুযোগ...