মগনিয়াৰ বাবে অভিশাপ 'শীত' ! পুনৰ লামডিঙত শীতৰ প্ৰকোপত প্ৰাণ এৰিলে এগৰাকী মহিলাই...
মগনিয়াৰ বাবে অভিশাপ 'শীত' ! পুনৰ লামডিঙত শীতৰ প্ৰকোপত প্ৰাণ এৰিলে এগৰাকী মহিলাই...  
মুখ্য-পৃষ্ঠা

মগনিয়াৰ বাবে অভিশাপ 'শীত' ! পুনৰ লামডিঙত শীতৰ প্ৰকোপত প্ৰাণ এৰিলে এগৰাকী মহিলাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শীত কাৰোবাৰ বাবে উদযাপনৰ সময় হলেও আন কাৰোবাৰ বাবে শীত হৈ পৰিছে অভিশাপ। কিয়নো শীতৰ প্ৰকোপৰ বাবেই একাংশই হেৰুৱাবলগীয়া হৈছে প্ৰাণ।

মাত্ৰ দুদিন পূৰ্বে লামডিং ৰে'লৱে ষ্টেচনত দুগৰাকী মগনিয়াই শীতৰ প্ৰকোপত প্ৰাণ হেৰুওৱাৰ পিছত আজি পুনৰ এগৰাকী মহিলাই প্ৰচণ্ড শীতত প্ৰাণ ত্যাগ কৰিলে।

আজি লামডিং ৰে'লৱে ষ্টেচনত হাড় কপোৱা শীতৰ বাবেই পুনৰ প্ৰাণ ত্যাগ কৰিলে এগৰাকী মহিলাই ৷ ইয়াৰ লগে লগে লামডিং ৰে'লৱে ষ্টেচনত শীতৰ বাবে প্ৰাণ ত্যাগ কৰা ব্যক্তিৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পাইছে।

জানিব পৰা মতে লামডিং আৰক্ষীয়ে ৰে'লৱে ষ্টেচনৰ ১ নং প্লেট ফৰ্মত মৃত অৱস্থাত উদ্ধাৰ কৰে এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰকী দুৰ্গা চক্ৰৱৰ্তী বুলি চিনাক্ত কৰা হৈছে।

ইফালে ইয়াৰ পূৰ্বে ৩১ ডিচেম্বৰত এগৰাকী মহিলাই শীতৰ প্ৰকোপত প্ৰাণ ত্যাগ কৰাৰ পিছত ৪ জানুৱাৰীত এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাই প্ৰাণ ত্যাগ কৰিছিল।