amitabh bacchan
amitabh bacchan 
মুখ্য-পৃষ্ঠা

অনুমতি অবিহনে ব্যৱহাৰ কৰিব নোৱাৰিব 'বিগ বি'ৰ নাম, ফটো, কণ্ঠস্বৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : অভিনেতা অমিতাভ বচ্চনৰ অনুমতি অবিহনে অন্যলোকে তেখেতৰ নাম, ফটো, কণ্ঠস্বৰ ব্যৱহাৰ কৰিব নোৱাৰিব। শুকুৰবাৰে এই নিৰ্দেশনা জৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়ে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ লগতে টেলিকম সেৱা প্ৰদানকাৰীসকলক অমিতাভ বচ্চনৰ কণ্ঠস্বৰ অথবা ফটো ব্যৱহাৰ কৰা সমলসমূহ আঁতৰাবলৈ নিৰ্দেশ দিয়ে।

"বিগ বি" নামেৰে জনাজাত ৮০ বছৰীয়া অমিতাভ বচ্চনে তেওঁৰ "নাম, প্ৰতিচ্ছবি, কণ্ঠস্বৰ আৰু ব্যক্তিত্বৰ গুণাগুণ" সুৰক্ষিত কৰিবলৈ বিচাৰি "বিশ্বৰ বিৰুদ্ধে" এখন আবেদন লৈ ন্যায়ালয়ৰ কাষ চাপিছিল। তাৰ পৰিপ্ৰেক্ষিততেই দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদনক সমৰ্থন জনাই এই নিৰ্দেশনা জাৰি কৰিছে।

এই সন্দৰ্ভত ন্যায়াধীশ নবীন চাওলাই মন্তব্য প্ৰকাশ কৰি কয় যে - অভিনেতাগৰাকীয়ে এক অপূৰণীয় ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। কিছুমান কাৰ্যকলাপে আনকি তেওঁৰ বদনামও আনিব পাৰে। উপৰোক্ত কাৰ্যকলাপ বোৰৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বে প্ৰকাশিত বিজ্ঞাপনসমূহৰ ক্ষেত্ৰতো অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰা হয়।

শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অভিনেতাজনৰ "বিশ্বৰ বিৰুদ্ধে" দিয়া আবেদনৰ শুনানি গ্ৰহণ কৰাৰ লগতে অভিনেতাগৰাকীৰ ব্যক্তিত্ব আৰু প্ৰচাৰৰ অধিকাৰ উলংঘন নকৰিবলৈ সকলোকে বাধা দিয়ে। এই শুনানিত মেগাষ্টাৰগৰাকীৰ হৈ আদালতত উপস্থিত হৈছিল অধিবক্তা হৰিশ চালভে।