উৰুকাৰ আনন্দৰ মাজতে বনৰীয়া হাতীক খাদ্য যোগান
উৰুকাৰ আনন্দৰ মাজতে বনৰীয়া হাতীক খাদ্য যোগান 
মুখ্য-পৃষ্ঠা

উৰুকাৰ আনন্দৰ মাজতে বনৰীয়া হাতীক খাদ্য যোগান

Asomiya Pratidin

ডিজিটেল সংবাদ,নুমলীগড়ঃ উৰুকাৰ নিশাৰ প্ৰাক মুহুৰ্তত নুমলীগড়ৰ ফুলনিগাঁৱৰ ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ। চাৰিওফালে ভোগালী বিহুৰ উৰুকাৰ আনন্দৰ লহৰ । উৰুকাৰ ভোজৰ বাবে কোনোৱে কিনিছে প্ৰকাণ্ড মাছ, কোনোৱে আকৌ হাঁহ ।

তাৰ মাজতে নুমলীগড়ৰ ফুলনি গাঁৱৰ একাংশ লোকৰ আদৰণীয় কাম । যি কামে আপোনাকো কৰিব আকৰ্ষণ। চাহ বাগিচাত খাদ্য সংকটত কেইবামাহো ধৰি ঢপলিয়াই ফুৰা হাতীৰ জাকক কলগছ যোগান দিছে গাঁৱবাসীয়ে লগত আছে একাংশ কনমানিও । কলগছ যোগান ধৰাৰ লগতে এই খাদ্য খাবলৈ ধূপ,চাকি দি সেৱাও জনায় । নিশ্চিত ৰূপত এইয়া এক প্ৰশংসনীয় আৰু আদৰনীয় ।