মুখ্য-পৃষ্ঠা

সাৱধান হওঁক, নাকৰে দিয়া ভেকচিনৰ আছে পাৰ্শ্বক্ৰিয়া

Asomiya Pratidin

ডিজিটেল ডেস্ক: মহামাৰী কোৰোনা আকৌ আহিছে।সেয়েহে, নিজক তথা পৰিয়ালটোক ৰক্ষাৰ স্বাৰ্থত আমি সকলোয়ে এতিয়া সকলো সাৱধানতা অৱলম্বন কৰাতো অতি দৰকাৰী হৈ পৰিছে।কোৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সকলো হাস্পতালতে ক’ভিড ভেকচিনৰ পৰীক্ষামূলক প্ৰয়োগ আৰম্ভ হৈছে।ইফালে, ভাৰত বায়’টেকৰ ইণ্ট্ৰানেজেল ক’ভিড প্ৰতিষেধকক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ১৮ বছৰৰ উৰ্ধৰ সকলো লোকক বুষ্টাৰ ড’জ হিচাপে ভেকচিন প্ৰদান কাৰ্যসূচীত অন্তৰ্ভূক্ত কৰাৰ বাবে অনুমোদন দিছে।চৰকাৰী সূত্ৰৰ মতে, যি সকল লোকে ইতিমধ্যে ক’ভিছিল্ড আৰু ক’ভাক্সিন ভেকচিন লৈছে, তেওঁলোকে নাকৰে গ্ৰহণ ভেকচিন হেটেৰোল’গাছ বুষ্টাৰ হিচাপে ল’ব পাৰিব।বিগত সপ্তাহৰ পৰা নাকৰে লোৱা এই ভেকচিন প্ৰদানৰ কাম আৰম্ভ হৈছে। এই ভেকচিন বেচৰকাৰী কেন্দ্ৰটো পোৱা যাব। এই ভেকচিন ল’বলৈ ‘কো-উইন’ এপত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।

ভাৰত বায়’টেক নামৰ হাইদৰাবাদৰ এই ভেকচিন নিৰ্মাণ কৰা কোম্পানীটোয়ে এই ভেকচিনৰ মূল্য  বতৰ্মানেও ঘোষণা কৰা নাই যদিও অতি শীঘ্ৰেই এই সন্দৰ্ভত সিদ্ধান্ত ল'ব।

পৃথিৱীৰ প্ৰথম নাকৰে লোৱা এই ভেকচিনটো কি, ইয়াক কেনেদৰে লোৱা উচিত অথবা কেতিয়া লোৱা উচিত ?এই বিষয়ে হয়তো সকলোয়ে জানিব বিচাৰে। আজি এই ভেকচিনৰ বিষয়ে আপুনি সকলো জানক-

ইনকোভাক কি?

বায়’টেকৰ ৱেবছাইটত উল্লেখ কৰা মতে, ইনকোভাক বি বি ভি ১৫৪ হৈছে কভিড ১৯ৰ এক এডেনোভাইৰাছ ভেক্টৰড, ‘ইণ্ট্ৰানেজেল ভেকচিন’। এছ.এ.আৰ.এছ.চি.ও.ভি.-২ ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে সক্ৰিয় টীকাকৰণৰ বাবে ইয়াক সূচিত কৰা হৈছে।

কি এই নতুন ভেকচিন কি?

এই ভেকচিন ব্যক্তি এজনৰ নাকৰ জৰিয়তে প্ৰদান কৰা হয়, ই বেজীবিহীন হয়।

ইয়াক কেনেদৰে প্ৰয়োগ কৰা হয় ?

ইনকোভাক মুঠ ৪ টোপাল (প্ৰতি পালিত ০.৫ মিলি), ২পালি শৃংখলা হিচাপে প্ৰতিটো নাকত ৪ টোপাল প্ৰয়োগ কৰা হয়। ইয়াক ৪ সপ্তাহৰ ব্যৱধানত প্ৰদান কৰা হয়।

ইয়াক অনুজ্ঞাপত্ৰ দিয়া হৈছে নেকি?

ভাৰতীয় কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই এছএআৰএছ-চিঅ'ভি-২ ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে টিকাকৰণৰ বাবে ইনকোভাক বিক্ৰী বা বিতৰণৰ অনুমতি প্ৰদান কৰিছে।

এই ভেকছিনৰ সাম্ভাৱ্য পাৰ্শ্বক্ৰিয়া কি ?

এই ভেকছিনৰ সাম্ভাব্য পাৰ্শ্বক্ৰিয়াবোৰ হৈছে-

১) মুৰৰ বিষ

২) জ্বৰ

৩) নাকৰে পানী ওলাই থকা

৪) হাঁচি মৰা 

৫) গুৰুতৰ এলাৰ্জিক প্ৰতিক্ৰিয়া

কোনে এই ভেকছিন ল’ব নোৱাৰে ?

তিনিটা শ্ৰেণীৰ লোকে এই ভেকছিন ল’ব নালাগে।

১) এলাৰ্জিত আক্ৰান্ত লোকসকলে এই ভেকছিন নল’ব।

২) যিসকল ব্যক্তিয়ে ইয়াৰ পূৰ্বে ভেকছিন লওঁতে সমস্যাৰ সন্মুখীন হৈছিল, তেওঁলোকে এইবেলি উচিত পৰামৰ্শ লৈহে এই ভেকছিন ল’ব লাগিব।

৩) তীব্ৰ সংক্ৰমণ বা জ্বৰত ভুগি থকা লোকসকলে এই ভেকছিন ল’ব নোৱাৰিব।

এই ভেকছিনৰ পৰা ক'ভিড-১৯ হোৱাৰ শংকা আছে নেকি?

এই ভেকছিন ললে ক'ভিড-১৯ হোৱাৰ শংকা একেবাৰেই নাই। নহয়, ইনকোভাকৰ সৈতে টিকাকৰণৰ পিছত ক'ভিড-19 প্ৰাপ্ত কৰাৰ কোনো সম্ভাৱনা নাই।