কমাৰগাঁৱত সঘনাই হোৱা পথ দুৰ্ঘটনা
কমাৰগাঁৱত সঘনাই হোৱা পথ দুৰ্ঘটনা 
মুখ্য-পৃষ্ঠা

কমাৰগাঁৱত সঘনাই হোৱা পথ দুৰ্ঘটনাৰ বাবে পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে প্ৰতিবাদ বিভিন্ন সংগঠনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড়ঃ কমাৰগাঁৱত চুতীয়া ছাত্ৰ সন্থা, আছু, আটাছু, অনুসুচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ । ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ বাবে এই প্ৰতিবাদ।

কমাৰগাঁৱত সঘনাই হোৱা পথ দুৰ্ঘটনাৰ বাবে পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে প্ৰতিবাদ বিভিন্ন সংগঠনৰ

কমাৰগাঁৱত নৱ নিৰ্মিত উৰণীয়া সেঁতুৰ তলত শনিবাৰে পথটোৰ দুৰৱস্থা আৰু দুৰ্ঘটনা ৰোধৰ ফলক নথকাৰ বাবে এখন মালবাহী ট্ৰাক দুৰ্ঘটনাত পতিত হয় । ইফালে আজিৰ এই দুৰ্ঘটনাই কমাৰগাঁৱত পথ নিৰ্মাণ সংস্থাৰ ভুলৰ বাবে এটা সপ্তাহত ৪টা দুৰ্ঘটনা হোৱাৰ লগতে এজনৰ মৃত্যু আৰু ৪জন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগা হৈছে ।

উল্লেখ্য যে কমাৰগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আৰ্শীষপুষ্ট চাৰিলেন যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা HCC য়ে ৰাষ্ট্ৰীয় ঘাইপথটো বহু স্থানত বিসংগতিৰ লগতে নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণৰ লগতে পথটোত দুৰ্ঘটনা সংঘটিত এলেকা দুৰ্ঘটনা ৰোধৰ ফলক নিদিয়া বাবে পথটোত সঘনাই পথ দুৰ্ঘটনা হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ।

শীঘ্ৰেই ফ'ৰলেণ্ড কতৃপক্ষই বিসংগতিপূৰ্ণ পথৰ নিৰ্মাণ কাম আৰু দুৰ্ঘটনা ৰোধৰ ফলক আঁৰি নিদিয়ে তেনেহ'লে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ সংগঠনকেইটাৰ ।