মুখ্য-পৃষ্ঠা

জৰুৰীকালীন সেৱাৰ লোকসকলৰ বাবে নিৰ্মাণ বিশেষ ভাস্কৰ্য…

asomiyapratidin

জৰুৰীকালীন সেৱাৰ লোকসকলৰ বাবে নিৰ্মাণ বিশেষ ভাস্কৰ্য…

ডিজিটেল ডেস্কঃ বিশ্বৰ লগতে দেশত কোৰোনাই প্ৰৱেশ কৰাৰ লগে লগে জৰুৰীকালীন সেৱাৰ লগত জড়িত ব্যক্তিকলৰ দায়িত্ব আৰু কৰ্তব্য বৃদ্ধি পালে। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰিও এইসকল ব্যক্তিয়ে নিজৰ দায়িত্ব পালনেৰে সাধাৰন নাগৰিকক জীৱনৰ নিৰাপত্তা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে। যিসময়ত কোৰোনাৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ সামাজিক দূৰত্ব বজাই চলাৰ কথা কোৱা হৈছে সেই সময়তেই চিকিৎসক, চিতিকিৎসা কৰ্মীসকলে কোৰোনাত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে। অহৰহ গৱেসনা চলাই চিকিৎসা বিজ্ঞানীয়ে আৱিস্কাৰ কৰি উলিয়াইছে কোৰোনাৰ ভেকচিন।

একেদৰে অন্যান্য জৰুৰীকালীন সেৱাৰ লগত জড়িত ব্যক্তিসকলেও সকলো সময়তে এটা ছাটিৰ দৰে দেশৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰি আহিছে। যিদৰে এটা ছাটিয়ে ৰ'দ, বৰষুণৰ পৰা এজন মানুহক ৰক্ষা কৰে ঠিক তেনেদৰে জৰুৰীকালীন সেৱাৰ লগত জড়িত ব্যক্তি সকলেও বৰ্তমান বিশ্বৰ নাগৰিকক কোৰোনাৰ সংক্ৰমণৰ পৰা সুৰক্ষা দি আহিছে। জৰুৰীকালীন সেৱাৰ লগত জড়িত এই ব্যক্তিসকলক সন্মান জনাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে গুজৰাটৰ এখন শ্বপিং মলে।

গুজৰাটৰ ভদোদৰাৰ ইনঅৰ্বিট নামৰ শ্বপিং মলটোৱে নিৰ্মাণ কৰি উলিয়াইছে এক বিশেষ ভাস্কৰ্য। তেওঁলোকে এই ভাস্কৰ্য স্থাপন কৰিছে মলটোৰ ভিতৰত। এই ভাস্কৰ্যত দেখা গৈছে পৃথিৱীক এটা ছাটিৰ সহায়ত সুৰক্ষা প্ৰদান কৰিছে। ভাস্কৰ্যত জৰুৰীকালীন সেৱাৰ লগত জড়িত চিকিৎসক, আৰক্ষীকে ধৰি মুঠ তিনিজন ব্যক্তি আছে যিয়ে এটা ছাটিৰ সহায়ত পৃথিৱীক সুৰক্ষা প্ৰদান কৰিছে।

এই ভাস্কৰ্য স্থাপন কৰাৰ ক্ষেত্ৰত মলটোৰ কৰ্তৃপক্ষই কয় যে, আমি এই ভাস্কৰ্য চিকিৎসক আৰক্ষী আৰু সাধাৰন নাগৰিকৰ বাবে উৎসৰ্গা কৰিছো। এইসকল লোকে কোৰোনাৰ দ্বিতীয় ঢৌত অতি সাহসিকতাৰে কাম কিৰ আছে আৰু সকলোৰে সুৰক্ষা নিশ্চিত কৰিছে।