অলিম্পিকলৈ যাবনে হিমা? পুনৰ লাভ দুটাকৈ স্বৰ্ণ পদক…

অলিম্পিকলৈ যাবনে হিমা? পুনৰ লাভ দুটাকৈ স্বৰ্ণ পদক…

অলিম্পিকলৈ যাবনে হিমা? পুনৰ লাভ দুটাকৈ স্বৰ্ণ পদক…

ডিজিটেল ডেস্কঃ মাত্ৰ.০৮ ছেকেণ্ডৰ বাবে ২০০ মিটাৰ ইভেণ্টত টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হ'ল 'ধিং এক্সপ্ৰেছ' হিমা দাস। পাটিয়ালাত অনুষ্ঠিত হৈ থকা ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স এথলেটিকছ চেম্পিয়নশ্বিপত এথলিট হিমা দাসে ২০০ মিটাৰ আৰু ৪x১০০ মিটাৰ ইভেণ্টত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। দুটা ইভেণ্টত দুটাকৈ স্বৰ্ণ পদক লাভ কৰিছে যদিও হিমাই বৰ্তমানলৈকে টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই।

ক্লিক কৰি পঢ়কঃ পুৱাৰ খবৰ…

টকিঅ' অলিম্পিকলৈ ২০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনৰ বাবে প্ৰয়োজন ২২.৮০ ছেকেণ্ড সময়ৰ। হিমাই সোমবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ২০০ মিটাৰ ইভেণ্টত ২২.৮৮ ছেকেণ্ডৰ সময়লৈ স্বৰ্ণজয় কৰিছে।

আনহাতে ৪x১০০ মিটাৰ ইভেণ্টত হিমাই দুতী চান্দ, এ. সুচিন্দ্ৰন আৰু ভাৰতীয় এথলেটিকথৰ নৱতম চাঞ্চল্য ধনলক্ষ্মীৰ সৈতে ৪৩.৩৭ ছেকেণ্ডৰে স্বৰ্ণ পদক অৰ্জন কৰিছে। এই ইভেণ্টত এথলিট কেইগৰাকীয়ে টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছেনে নাই সেই বিষয়ে ইণ্টাৰনেচনেল এচছিয়েশ্বন অৱ এথলেটিকছ ফেডাৰেচনে মঙ্গলবাৰে দিনৰ ভাগত ঘোষণা কৰিব। যদি এই ৪x১০০ মিটাৰ দলটোৱে টকিঅ'লৈ যোগ্যতা অৰ্জন কৰে তেনে হিমা হৈ পৰিব অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ দ্বিতীয়গৰাকী মহিলা খেলুৱৈ। ইতিমধ্যে বক্সিংত ৬৯ কেজি শাখাত টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি লাভলনী বৰগোহাঁইয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in