সুলভ মূল্যত চিতল ,ভকুৱা, ৰৌ , বাহু মাছ
সুলভ মূল্যত চিতল ,ভকুৱা, ৰৌ , বাহু মাছ 
মুখ্য-পৃষ্ঠা

উৰুকা উপলক্ষে কন্যকা কৃষি পামৰ পদক্ষেপ, সুলভ মূল্যত চিতল ,ভকুৱা, ৰৌ , বাহু মাছ

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ আজি উৰুকা । ভোগালীৰ উৰুকাৰ নিশা লগে ভাগে মাছে মাংসই এসাজ আনন্দ মনৰে খাবলৈ সাজু হৈছে সকলো । ভোগালীৰ উৰুকাৰ দিনা বজাৰলৈ সূলভ মূল্যত মাছ উলিয়াই দিছে জামুগুৰিহাটৰ 'কন্যকা' কৃষি পামে ।

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত জীয়াভৰলীৰ পাৰত গঢ়লৈ উঠা বিশাল কৃষি পাম 'কন্যকা'ৰ পুখুৰীত উৎপাদিত হোৱা ৰৌ, ভকুৱা, চিতল ,বাহুকে ধৰি মাছ উৰুকাৰ দিনা উপলব্ধ হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত । বজাৰৰ মূল্যতকৈ প্ৰতি কেজিত ১০০ৰ পৰা ২০০ টকা পৰ্যন্ত ৰেহাই মূল্যত 'কন্যকা 'ৰ মাছ ভোগালী বিহু উপলক্ষ্যে ৰাইজে লাভ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ।

ভোগালীৰ উৰুকাৰ পুৱাই বজাৰলৈ 'কন্যকা' ই ২০ কুইন্টলৰো অধিক মাছ উলিয়াই দিয়া বুলি জানিবলৈ দিছে 'কন্যকা'ৰ মৎস্য উৎপাদনৰ দায়িত্বত থকা বিষয়ববীয়াসকলে।