"মই লাচিতৰ দৰে হ'ম" শীৰ্ষক অনুষ্ঠান
"মই লাচিতৰ দৰে হ'ম" শীৰ্ষক অনুষ্ঠান 
মুখ্য-পৃষ্ঠা

ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনৰ উদ্যোগত "মই লাচিতৰ দৰে হ'ম" শীৰ্ষক অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ অসমৰ বিভিন্ন প্ৰান্তৰ দৰে ধনশিৰি মহকুমাৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে বিদ্যালয়সমূহত বিভিন্ন কাৰ্যসূচী হাতত লৈছে।ধনশিৰি মহকুমাৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰাঙ্গনত বিৰত্ব আৰু ত্যাগৰ প্ৰতীক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে "মই লাচিতৰ দৰে হ'ম" বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে।

জানিবলৈ দিয়া অনুসৰি, ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত হোৱা অনুষ্ঠানটোত মহাবীৰ লাচিতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, কবিতা আবৃত্তি, বক্তৃতা, সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানটোত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে "লাচিত বৰফুকন" শীৰ্ষক এখন নাটক মঞ্চস্থ কৰা হয় বুলি জানিবলৈ দিয়ে।

ছাত্ৰ-ছাত্ৰীসকলে "লাচিত বৰফুকন" শীৰ্ষক এখন নাটক মঞ্চস্থ কৰে

অনুষ্ঠানৰ শেষত বঁটা বিতৰণী সভাত অনুষ্ঠিত হয়। সভাত ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা, অধ্যক্ষা মালা বৰাকে প্ৰমুখ্যে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উপস্থিত থাকে।

আৰু পঢ়কঃ নগাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকী পালন...