মুখ্য-পৃষ্ঠা

শ্ৰদ্ধাৰ পিছত আৰধনাঃ প্ৰেমিক আৰু ভাতৃয়ে মিলি কাটি ৬ টুকুৰা কৰিলে দেহা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হত্যা, হিংসা সহজলভ্য হৈ পৰিছে আজিৰ সমাজত। কোনে কাক, কেতিয়া, কিয় হত্যা কৰে তাৰ কোনো নিশ্চয়তা নাই। সম্পৰ্কৰ এনাজৰীৰ বান্ধোন শিথিল কৰি প্ৰিয় জনক অতি বৰ্বৰ আৰু চৰম জঘণ্য ৰূপত হত্যা কৰি কাললৈ কুখ্যাত হৈ পৰিছে তথাকথিত প্ৰেমিক তথা সমাজ সংস্কাৰী।

দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি যোৱাৰ পিছত আন এক হত্যাকাণ্ডই পুনৰ দেশ জোকাৰিছে। অতি নৃশংস আৰু বৰ্বৰ ভাৱে এগৰাকী মহিলাক হত্যা কৰি কুঁৱাত পেলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

ঘটনা অনুসৰি প্ৰিন্স যাদৱ নামৰ এটা মানৱৰূপী দানৱে ২০ বছৰীয়া আৰধনাক হত্যা কৰি তেওঁৰ দেহ ৬ টুকুৰা কৰিছিল। আৰধনাৰ দেহৰ এই ৬ টুকুৰা অংশ প্লাষ্টিকেৰে মেৰিয়াই এটা কুঁৱাত পেলাই দিয়ে।

ইফালে এই হত্যাকাণ্ডৰ সৈতে জড়িত প্ৰিন্সক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰধনাৰ দেহৰ পৰা নোহোৱা হৈ থকা মূৰটো উদ্ধাৰৰ বাবে লৈ যোৱাৰ সময়তে আৰক্ষীক গুলীয়াই পলায়নৰ চেষ্টা কৰাত আৰক্ষীৰ গুলীত হত্যাকাৰী প্ৰিন্স যাদৱৰ মৃত্যু হৈছে।

উল্লেখ্য যে, যোৱা ১৫ নৱেম্বৰত উত্তৰ প্ৰদেশৰ আজমগড়ৰ পাছিমি গাঁৱৰ এটা কুঁৱাৰ ভিতৰত মৃতদেহ প্ৰত্যক্ষ কৰিছিল। আজমগড় আৰক্ষী অধীক্ষক অনুৰাগ আৰ্যই প্ৰকাশ কৰা মতে, স্থানীয় লোকৰ খবৰৰ ভিত্তিত কুঁৱাটোৰ পৰা অৰ্ধ উলংগ অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হৈছিল।

সেই সময়ত মৃতদেহটো দুই বা তিনিদিন পূৰণি যেন অনুমান কৰিছিল। ইফালে অভিযোগ অনুসৰি প্ৰিন্স যাদৱে ঘৰৰ আন আন সদস্যৰ সহায়ত ২০ বছৰীয়া আৰধনাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল।

ইয়াৰ আঁৰত আছিল প্ৰেম। জানিব পৰা মতে আৰধনাই প্ৰিন্সৰ পৰিৱৰ্তে আন কোনো এজন যুৱকৰ সৈতে বিয়াত বহিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে আৰধনা বিয়াত বহিছিল।

বিয়াৰ পূৰ্বে আৰধনাৰ প্ৰিন্স যাদৱৰ সৈতে সম্পৰ্ক আছিল। যোৱা ৯ নৱেম্বৰত আৰধনকাৰ প্ৰিন্সে এটা মন্দিৰলৈ লৈ গৈছিল। তাৰ পিছতে সৰ্বেশ নামৰ আন এজন সহযোগীৰ সৈতে আৰধনাক ডিঙি চেপি হত্যা কৰিছিল বুলি প্ৰকাশ পাইছে।

ইয়াৰ পিছতে দুয়োৱে মিলি আৰধনাৰ দেহটোক ৬ টুকুৰাত বিভক্ত কৰিছিল। আৰধনাৰ মূৰটো এটা পুখুৰীত দলিয়াই পেলাই দিয়াৰ বিপৰীতে দেহৰ বাকী অংশ পলিথিনৰ বেগত ভৰাই এটা কুঁৱাত পেলাই দিয়ে।

ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে এই পৰ্যন্ত হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ, পিষ্টল উদ্ধাৰ কৰিছে যদিও হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱা সৰ্বেশ নামৰ লোকজনৰ লগতে পৰিয়ালৰ আন আন সদস্য ক্ৰমে প্ৰমিলা যাদৱ, সুমন, ৰাজাৰাম, কালাৱতী, মঞ্জু, শীলা পলাতক হৈ আছে।