মুখ্য-পৃষ্ঠা

বিহপুৰীয়াৰ জাপজুপত শোৱাপাটীতে যুৱকৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহপুৰীয়া : বিহপুৰীয়াৰ জাপজুপত শোৱাপাটীতে এজন যুৱকৰ মৃত্যু ঘটাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ দুই নম্বৰ জাপজুপৰ ভাস্কৰজ্যোতি দত্ত(২৮) নামৰ যুৱকজনে দেওবাৰে নিশা শুই থাকোতেই মৃত্যুক সাৱটি লয় ৷

প্ৰয়াত অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দ দত্ত আৰু নিৰু দত্তৰ কনিষ্ঠ পুত্ৰ তথা স্থানীয় অঞ্চলতোত অত্যন্ত জনপ্ৰিয় ভাস্কৰৰ আকস্মিক বিয়োগত সৰ্বত্ৰে শোকৰ ছাঁ পৰিছে ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈয়েই যুৱক জনৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে চিকিৎসকে ৷ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাবে কৰ্মৰত সৰবৰহী যুৱক ভাস্কৰে মৃত্যুৰ সময়ত মাতৃ আৰু একমাত্ৰ ভাতৃক ইহসংসাৰত এৰি থৈ যায় ।