মুখ্য-পৃষ্ঠা

দুৰাৰোগ্য লিউকেমিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ গৱেষক-চিকিৎসকৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : দুৰাৰোগ্য কৰ্কট ৰোগৰ আটাইতকৈ ভয়ংকৰ বুলি গণ্য কৰা হয় লিউকেমিয়া অথবা তেজৰ কৰ্কট ৰোগক । তেজৰ শ্বেত ৰক্ত কণিকাক আক্ৰমণ কৰা এই ৰোগত আক্ৰান্ত ৰোগী মৃত্যুক সাৱটি লোৱা প্ৰায় নিশ্চিতই । তেনে ক্ষেত্ৰত লিউকেমিয়াৰ আৱিষ্কাৰৰ সময়ৰ পৰাই ইয়াৰ ওপৰত চলাই থকা হৈছিল বিভিন্ন গৱেষণা যাতে এই ৰোগত ভৱিষ্যতলৈ কোনো ৰোগীয়ে মৃত্যুক সাৱটি ল'ব লগীয়া নহয় ।    

তেনে এক গৱেষণাৰ ফলস্বৰূপেই প্ৰকাশ পালে এক নতুন তথ্য । ব্ৰিটেইনৰ এদল চিকিৎসকে সম্ভেদ পালে লিউকেমিয়াৰ চিকিৎসাৰ । এলিছা নামৰ এগৰাকী শিশু যি দুৰাৰোগ্য লিউকেমিয়াত আক্ৰান্ত হৈ আছিল, তেওঁৰ পৰিয়ালে চিকিৎসক দলে নতুনকৈ তৈয়াৰ কৰা এক তেজস্ক্ৰিয় বিকিৰণৰ থেৰাপীৰ বাবে সন্মতি প্ৰদান কৰিছিল । লণ্ডনৰ 'গ্ৰেট অৰমণ্ড ষ্ট্ৰীট হস্পিতাল ফৰ চিলড্ৰেন' নামৰ চিকিৎসালয় খনৰ চিকিৎসক সকলৰ এই নতুন থেৰাপীৰ প্ৰতি এলিছাৰ শৰীৰে সম্পূৰ্ণৰূপে সহাৰি প্ৰদান কৰাত এতিয়া ইয়েই হৈ পৰিছে চিকিৎসক সকলৰ বাবে আশাৰ বাতৰি ।  

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এলিছাক প্ৰদান কৰা হৈছিল ইতিমধ্যে সকলোকে প্ৰদান কৰা তেজস্ক্ৰিয় বিকিৰণ, ব'নমেৰু সংৰোপন আৰু আন বহুতো চিকিৎসা কিন্তু এলিছাৰ শৰীৰত কোনো প্ৰভাৱ পেলাব পৰা নাছিল ই ।