কলিয়াবৰত গ্ৰেপ্তাৰ দুই গঁড়ৰ খৰ্গ চোৰাং সৰবৰাহকাৰী...
কলিয়াবৰত গ্ৰেপ্তাৰ দুই গঁড়ৰ খৰ্গ চোৰাং সৰবৰাহকাৰী...  
মুখ্য-পৃষ্ঠা

কলিয়াবৰত গ্ৰেপ্তাৰ দুই গঁড়ৰ খৰ্গ চোৰাং সৰবৰাহকাৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ নগাঁও জিলাৰ কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত মিছা আৰক্ষী চকীৰ আৰক্ষীয়ে শুকুৰবাৰে বিয়লি অভিযান চলাই গঁড়ৰ খৰ্গসহ দুই চোৰাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী সূত্ৰে জানিব পৰা মতে কলিয়াবৰৰ হাতীগাঁও বাগিছাৰ ৪ আৰু ১ নং লাইনত গঁড়ৰ খৰ্গ বিক্ৰী কৰিবৰ বাবে প্ৰস্তুতি চলাই থকাৰ খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই ।

কাৰ্বিআংলং জিলাৰ ৰংবংৱে আৰক্ষী থানাৰ আৰক্ষীৰ সহযোগত কলিয়াবৰ মিছা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় আজি উদ্ধাৰ কৰে এটা গঁড়ৰ খৰ্গ। আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰকৰে দুই সৰবৰাহকাৰীক ।

গ্ৰেপ্তাৰ কৰা গঁড়ৰ খৰ্গৰ চোৰাং সৰবৰাহকাৰী দুজন হ'ল ক্ৰমে-আব্দুল আলী(৩৫) আৰু কাছেম আলী (৪৬) । গঁড়ৰ খৰ্গৰ লগতে তেওঁলোকৰ পৰা দুটা মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । লগতে অধিক তথ্য আহৰণৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।