উৰিয়াগাওঁ খেলপথাৰৰ চৌদিশে বৃক্ষৰোপণ চাফাই অভিযান...
উৰিয়াগাওঁ খেলপথাৰৰ চৌদিশে বৃক্ষৰোপণ চাফাই অভিযান...  
মুখ্য-পৃষ্ঠা

উৰিয়াগাওঁ খেলপথাৰৰ চৌদিশে বৃক্ষৰোপণ চাফাই অভিযান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নগাঁৱৰ উৰিয়াগাওঁ বাইপাছ চকৰ মাটি বণিয়াক দিয়াৰ চক্ৰান্ত চলি থকাৰ মাজতে আজি উৰিয়া গাওঁ খেলপথাৰৰ চাৰিওফালে এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গ্ৰহণ কৰা এই বৃক্ষৰোপণ কাৰ্যসূচীত বহুসংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে ৰূপায়ণ কৰা হয় এক চাফাই অভিযানো।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই পদক্ষেপলৈ সহাৰি জনাই উৰিয়াগাওঁ আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়াগাওঁ ক্ষুদ্ৰ ব্যৱসায়ী সন্থাই।