ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে ব্যৱসায়ীৰ উত্তাল প্ৰতিবাদ
ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে ব্যৱসায়ীৰ উত্তাল প্ৰতিবাদ 
মুখ্য-পৃষ্ঠা

লাচিত দিৱস উদযাপনৰ নামত তিনিচুকীয়াত দাবী-ধমকিৰে চান্দা সংগ্ৰহৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ বিভিন্ন অনুষ্ঠান আদিৰ নামত চান্দা সংগ্ৰহৰ দৰে কাৰ্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে বিভিন্ন মাধ্যমত সজাগতা সৃষ্টি কৰি আহিছে। চান্দা সংস্কৃতি অপ-সংস্কৃতি বুলি অভিহিত কৰি তাৰ বিৰুদ্ধে ভিন্ন সময়ত উল্লেখ কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জানিব পৰা মতে লাচিত দিৱস উদযাপনৰ বিপৰীতে লাচিত সেনাৰ কৰ্মকৰ্তাই ব্যৱসায়ীক দাবী-ধমকি দি চান্দা সংগ্ৰহ কৰাত গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । যাৰবাবে অতিষ্ঠ হৈ ব্যৱসায়ীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰাৰ দৰে ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ পানীতোলাত ।

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ তৈলনগৰী দুলিয়াজানত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে ডিব্ৰুগড় জিলা সমিতিৰ আতিথ্যত লাচিত দিৱস উদ্‌যাপনৰ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ ইয়াৰ বাবে বীৰ লাচিত সেনাৰ কৰ্মকৰ্তাসকলে তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত ব্যাপক হাৰত ধন সংগ্ৰহ অভিযানত লিপ্ত হোৱা বুলি স্থানীয় একাংশ ৰাইজে অভিযোগ তুলিছে ৷

লক্ষণীয়ভাৱে লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিৰ আতিথ্যত অহা ২৩ আৰু ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদ্‌যাপন কৰিবলৈ লোৱা হৈছে। যদিও ইয়াৰ বাবে তিনিচুকীয়া জিলাত দাবী-ধমকিৰে ধন সংগ্ৰহ কৰাটো ব্যৱসায়ীমহলে সহজভাৱে ল'ব পৰা নাই । এনে সন্ধিক্ষণতে জিলাখনৰ ক্ষুদ্ৰ চহৰ পানীতোলাত লাচিত দিৱসৰ বাবে দাবী কৰা ধন দিবলৈ সক্ষম নোহোৱা এজন ব্যৱসায়ীক লাচিত সেনাৰ কৰ্মকৰ্তাই মাৰিবলৈ উদ্যত হোৱাত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷

প্ৰাপ্ত অভিযোগ অনুসৰি কিছুদিন পূৰ্বে পানীতোলাৰ প্ৰায়সংখ্যক ব্যৱসায়ীক প্ৰতিষ্ঠানৰ নামত গোহাৰি পত্ৰৰ লগতে ২ হেজাৰৰ পৰা ৫ হেজাৰ টকা চান্দা বিচাৰি বীৰ লাচিত সেনাৰ এটা দলে দোকানে দোকানে আগতীয়াকৈ ৰচিদ কাটি দি গৈছিল ৷ সেই দাবী কৰা চান্দা দেওবাৰে নিবলৈ অহাৰ সময়তে দাবী কৰা চান্দা দিবলৈ অপাৰগ এজন ব্যৱসায়ীৰ লগত তৰ্কত লিপ্ত হয় লাচিত সেনাৰ সদস্য ।

ফলত পৰিস্থিতি এনে অৱস্থা পাইগৈ যে এটা সময়ত ব্যৱসায়ীজনক লাচিত সেনাৰ দলটোৱে মাৰিবলৈ উদ্যত হয় । ইয়াকে লৈ সৃষ্টি হয় এক হুলস্থূলীয়া পৰিবেশ ৷ ইয়াৰ পিছতেই ক্ষুদ্ধ হৈ ব্যৱসায়ীসকলে নিজৰ নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি পানীতোলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

কিছুসময়ৰ পাছত জিলা প্ৰশাসন আৰু আৰক্ষীৰ লোক অৱৰোধস্থলীত উপস্থিত হৈ ব্যৱসায়সকলক নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰাত উঠাই লোৱা হয় পথ অৱৰোধ ৷ ব্যৱসায়ীসকলে অভিযোগ কৰা অনুসৰি দীৰ্ঘদিনৰ পৰা পানীতোলাৰ ব্যৱসায়ীসকলক বিভিন্ন কাৰ্যসূচীৰ নামত একাংশ দল-সংগঠনে ধনদাবী কৰি ব্যতিব্যস্ত কৰা বিষয়ত জিলা প্ৰশাসনক অভিযোগ দি অহা হৈছিল যদিও প্ৰশাসনে বিষয়টো গুৰুত্ব নিদিয়াৰ বাবেই আজিৰ দৰে পৰিস্থিতি উদ্ভৱ হোৱা বুলি অভিযোগ তুলিছে ৷

আনহাতে পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক বলপূৰ্বক চান্দা সংগ্ৰহৰ বিষয়টো জনোৱাৰ পিছতো বিষয়াগৰাকীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলিও ব্যৱসায়ীসকলে ৰাজহুৱাভাৱে উল্লেখ কৰে ৷

উল্লেখযোগ্য যে, পানীতোলাৰ সৰহসংখ্যক ব্যৱসায়ীক লাচিত সেনাই যি ২ হেজাৰৰ পৰা ৫ হেজাৰ চান্দা দাবী কৰা ৰচিদ প্ৰদান কৰে তাত কেন্দ্ৰীয় সমিতি, জয়শ্ৰী এপাৰ্টমেণ্ট, জু ৰোড বুলি উল্লেখ আছে ৷ লগতে অসমৰ উন্নতিৰ হকে সদস্য ভৰ্ত্তি, বছৰেকীয়া মাচুল আৰু অন্যান্য বুলি উল্লেখ থকা ৰচিদসমূহত স্বাক্ষৰকাৰী হৈছে লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকন আৰু সভাপতি হেমন্ত বড়া ৷ আজি পথ অৱৰোধৰ যোগেদি ব্যৱসায়ীসকলে চান্দাৰ নামত এইদৰে ধনদাবীৰ পৰা পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

আৰু পঢ়কঃ বিজেপিৰ ব্লু প্ৰিন্টৰ আগত তিষ্টি থাকিব পাৰিবনে কংগ্ৰেছ ?