মুখ্য-পৃষ্ঠা

মেঘালয়ত তৃণমূল কংগ্ৰেছৰ যোগদান সভা, সহস্ৰাধিকৰ যোগদান

Asomiya Pratidin

ডিজিটেল ডেস্ক: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৪৭ নং ৰাজাৱালা সমষ্টিত তৃণমূল কংগ্ৰেছৰ যোগদান সভা। তৃণমূল কংগ্ৰেছৰ নেতা মিজাণুৰ ৰহমান কাজীৰ নেতৃত্বত অনুষ্ঠিত সভাখনত প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা উপস্থিত থাকে। লগতে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী জেনিথ চাংমা।

ৰাজ্য খনত ২০২৩ ত বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ পূৰ্বে মঙলবাৰৰ এই যোগদান সভাত কেবা শতাধিক লোক তৃণমূল কংগ্ৰেছত যোগদান কৰে।

মুকুল চাংমাৰ উপস্থিতিত যোগদান কৰে কৰ্মী সকলে। ৰাজাৱালা সমষ্টিত আগন্তুক নিৰ্বাচনত মিজানুৰ ৰহমান কাজীক তৃণমূল কংগ্ৰেছৰ টিকট দিয়াৰ আশ্বাস প্ৰদান কৰে।সভাখনত কেবা সহস্ৰাধিক লোক উপস্থিত থাকে।

সভা খনত মুকুল চাংমা এন পি পি চৰকাৰক কঠোৰ সমালোচনা কৰি মেঘালয়ত এইবাৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।

আৰু পঢ়ক: নিউ গুৱাহাটী ৰে'লৱে সুৰক্ষা বাহিনীত জব্দ ৰে’লৱেৰ সামগ্রী ভৰ্তি ট্রাক...