নিশাৰ আলহী হৈ আহিল বাঘৰ পোৱালি...
নিশাৰ আলহী হৈ আহিল বাঘৰ পোৱালি...  
মুখ্য-পৃষ্ঠা

নিশাৰ আলহী হৈ আহিল বাঘৰ পোৱালি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীত ধাৰাবাহিক ভাৱে বণ্যপ্ৰাণীৰ মুক্ত বিচৰণে চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণক। বিশেষকৈ বাঘৰ মুক্ত বিচৰণে একাধিক অঞ্চলত সৰ্বসাধাৰণৰ প্ৰাণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। তাৰ মাজতে উদ্ধাৰ হৈছে আকৌ বাঘৰ পোৱালি। বনাঞ্চলৰ আহি বাঘৰ পোৱালিয়ে আশ্ৰয় লৈছে সাধাৰণ লোকৰ ঘৰত।

গুাৱাহাটীৰ মালিগাঁৱত বুধবাৰে নিশা এটা নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ হৈছে। মালিগাঁৱৰ কৃষ্ণনগৰৰ আশুতোষ পাল নামৰ লোকজনৰ ঘৰত নিশা প্ৰৱেশ কৰিছিল এই নাহৰফুটুকীৰ পোৱালিটোৱে।

অৱশ্যে কোনো অসুবিধা নোহোৱাকৈ এই বাঘৰ পোৱালিটো আৰক্ষীয়ে উদ্ধাৰ কৰি বন বিভাগৰ লোকক চমজাই দিবলৈ সক্ষম হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল এই অঞ্চলত পূৰ্বৰে পৰা বাঘে মুক্ত বিচৰণ কৰি আহিছে।

পাহাৰে আগুৰি থকা গুৱাহাটী মহানগৰীৰ বনাঞ্চলৰ সংখ্যা হ্ৰাস হৈ অহাৰ লগতে পাহাৰ দখল কৰাৰ ফলত বনাঞ্চল বোৰ জনাঞ্চললৈ ৰূপান্তৰ হোৱাত স্বাভাৱিকতেই বণ্য প্ৰাণীৰ আশ্ৰয়ৰ স্থল অভাৱ হৈছে। এনে প্ৰেক্ষাটত বৃদ্ধি পাইছে এইধৰণৰ ঘটনা।

ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ৰ সন্ধান কৰাটো এতিয়া আৱশ্যক হৈ পৰিছে। অন্যথা আগন্তুক সময়ত বাসস্থানৰ অভাৱত বণ্য প্ৰাণীয়ে যে জনাঞ্চললৈ আহি অহৰহ মুক্ত বিচৰণত নামিব সেয়া নিশ্চিত।