ভীষণ সংকটত অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা  মহাবাহু ব্ৰহ্মপুত্ৰ
ভীষণ সংকটত অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ 
মুখ্য-পৃষ্ঠা

অস্বাভাৱিকভাৱে শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,চাবুৱাঃ ভীষণ সংকটত অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ । খৰালি আহিলেই বুঢ়া লুইত পৰ্যবসিত হয় মৰুভূমিলৈ ৷ ইটো বছৰৰ পিছত সিটো বছৰত উদ্বেগজনকভাৱে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ।

অস্বাভাৱিক ভাৱে শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰ

যাৰ ফলত ব্ৰহ্মপুত্ৰৰ পাৰত বসবাস কৰা লোক সকলে জীৱন জীৱিকাৰ বাবে এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ নৈ-পৰীয়া লোকসকলে ব্ৰহ্মপুত্ৰৰ পৰাই মৎস্য চিকাৰ কৰি হাজাৰ হাজাৰ পৰিয়াল চলি আছে ৷ আনহাতে কেৱল চাবুৱাতে নহয় ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰ । ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে এতিয়া ১০/১৫ কিলোমিটাৰলৈ এতিয়া কেৱল বালি আৰু বালি।

নৈ-পৰীয়া লোকসকলে ব্ৰহ্মপুত্ৰৰ পৰাই মৎস্য চিকাৰ কৰি হাজাৰ হাজাৰ পৰিয়াল চলি আছে

উল্লেখ্য যে, দুবছৰৰ আগলৈকে খেতি পথাৰে ভৰপূৰ এখন গাঁও ,এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত এটা দ্বীপলৈ যেন পৰ্যবসিত হ'ল ! এশতকৈ অধিক পৰিয়াল থকা অঞ্চলটোত খেতি পথাৰৰ লগতে আছিল চাহ বাগিচা । ভুক্তভোগী ৰাইজে জনোৱা অনুসৰি দুবছৰৰ আগতে উক্ত অঞ্চলটোলৈ ৰাইজে বাইক চলাই অহা যোৱা কৰিব পাৰিছিল । কিন্তু এতিয়া বালি - পলসৰ মাজেৰে খোজকাঢ়ি যাব লাগে।

ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত অঞ্চলটোৰ প্ৰায় ১৫ - ২০ বিঘা মানহে মাটি বাছি আছে। গৃহহীন পৰিয়ালসমূহে আজিও আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।

গৃহহীন পৰিয়ালসমূহে আজিও আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে

উক্ত কাৰকসমূহৰ প্ৰতি লক্ষ্য কৰিলে হয়তো অনাগত দিনত অসমৰ মানচিত্ৰৰ পৰা নিশ্চিহ্ন হৈ যাব ৰংমলা অঞ্চল। অঞ্চলটোত বাছি থকা কিছু অংশত গৃহহীন প্ৰায় ৮ জন কৃষকে খেতি কৰিছে যদিও কৃষি বিভাগে অঞ্চলটোৰ কৃষকসকলক সহায় নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে গৃহহীন কৃষকসকল ।

আৰু পঢ়কঃ নাই শীতৰ প্ৰকোপ, কুঁৱলীৰ বগা আস্বাদন ! বতৰ বিজ্ঞান কেন্দ্ৰৰ ভয়ংকৰ তথ্য...