ডুবিবলৈ ধৰা এয়াৰ ইণ্ডিয়াক উদ্ধাৰ কৰি টাটা গ্ৰুপে দিলে সঞ্জিৱনীঃ নতুনকৈ ক্ৰয় কৰিব ৫০০ খন বিমান !
ডুবিবলৈ ধৰা এয়াৰ ইণ্ডিয়াক উদ্ধাৰ কৰি টাটা গ্ৰুপে দিলে সঞ্জিৱনীঃ নতুনকৈ ক্ৰয় কৰিব ৫০০ খন বিমান ! 
মুখ্য-পৃষ্ঠা

ডুবিবলৈ ধৰা এয়াৰ ইণ্ডিয়াক উদ্ধাৰ কৰি টাটা গ্ৰুপে দিলে সঞ্জিৱনীঃ নতুনকৈ ক্ৰয় কৰিব ৫০০ খন বিমান !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ প্ৰখ্যাত উদ্যোগ প্ৰতিষ্ঠান টাটা গ্ৰুপে কিছুদিনৰ পূৰ্বে ক্ৰয় কৰিছিল এয়াৰ ইণ্ডিয়া। প্ৰায় ডুবিবলৈ ধৰা এয়াৰ ইণ্ডিয়াক টাটাই ক্ৰয় কৰি যেন ইয়াক উদ্ধাৰ হে কৰিলে।

কিয়নো এয়াৰ ইণ্ডিয়াত সূচনা হৈছে নতুন দিগন্তৰ। প্ৰকাশিত খবৰ অনুসৰি এয়াৰ ইণ্ডিয়াই নতুনকৈ ক্ৰয় কৰিব প্ৰায় ৫০০ খন বিমান।

ইয়াৰ বাবে ধন ব্যয় কৰিব প্ৰায় ১০০ বিলিয়ন। টাটাই ক্ৰয় কৰিবলগীয়া এই বিমানবোৰৰ ভিতৰত আছে এয়াৰবাছ এ-৩৫০, বয়িং-৭৮৭ আৰু বয়িং ৭৭৭।

অৱশ্যে টাটা গ্ৰুপে এই পৰ্যন্ত এই বিষয়ে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই। উল্লেখ্য যে টাটাই ভাৰত চৰকাৰৰ পৰা ১৮ হাজাৰ কোটি টকাত ক্ৰয় কৰিছিল এয়াৰ ইণ্ডিয়া।

টাটা গ্ৰুপে শেহতীয়াকৈ এয়াৰ ইণ্ডিয়া আৰু ভিস্তাৰা ছিংগাপুৰ এয়াৰলাইনছৰ সৈতে একত্ৰিকৰণ কথাও ঘোষণা কৰিছিল। যাৰ ফলত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত এক গুৰুত্বপূৰ্ণ উপস্থিতিৰ সৃষ্টি হৈছে।