মন্ত্ৰী অজন্তা নেওগৰ গৃহৰ কাষতে বিস্ফোৰণঃ ছিন্ন ভিন্ন এজনৰ দেহ, কেইবাটাও বাসগৃহৰ ক্ষতি
মন্ত্ৰী অজন্তা নেওগৰ গৃহৰ কাষতে বিস্ফোৰণঃ ছিন্ন ভিন্ন এজনৰ দেহ, কেইবাটাও বাসগৃহৰ ক্ষতি 
মুখ্য-পৃষ্ঠা

মন্ত্ৰী অজন্তা নেওগৰ গৃহৰ কাষতে বিস্ফোৰণঃ ছিন্ন ভিন্ন এজনৰ দেহ, কেইবাটাও বাসগৃহৰ ক্ষতি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শনিবাৰে দিনৰ প্ৰায় ১১ বজাত গোলাঘাটৰ বেঙেনাখোৱাত এখন টেংকাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে টেংকাৰখন মেৰামতি কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়।

এই ঘটনাত মৃত্যু হৈছে গেৰেজটোৰ গৰাকী তথা ৱেল্ডাৰ নবীন বৰুৱা। আনহাতে ক্ষতি হৈছে কেইবাটাও বাসগৃহ। বিস্ফোৰণ ঘটা টেংকাৰখনৰ নম্বৰ এন এল ০৭- এ এ ১৩৫০।

ইফালে এই বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে গেৰজটোত থকা আন আন কৰ্মচাৰীসকলে পলায়ন কৰে। স্থানীয় লোকৰ সন্দেহ অনুসৰি ওৱেল্ডিঙৰ সময়ত বিজুগতি ঘটাৰ বাবেই এই বিস্ফোৰণ সংঘটিত হৈছে।

এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে টেংকাৰখনৰ ওপৰৰ অংশ প্ৰায় ১০০ ফুটমান উচ্চতালৈ উৰি যায়। ইফালে বিস্ফোৰণত নিহত হোৱা নবীন বৰুৱাৰ দেহ ছিন্ন ভিন্ন হৈ পৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে এই বিস্ফোৰণৰ ফলত মন্ত্ৰী অজন্তা নেওগৰ লগতে স্থানীয় আন আন লোকৰ বাসগৃহৰো ক্ষতি হৈছে। মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাটৰ বেঙেনাখোৱাস্থিত গৃহৰ দুৱাৰ, খিৰিকীৰ আইনা ভাঙিছে।

ক্লিক কৰি পঢ়কঃ শ্ৰীমন্ত শংকৰ মিশ্যনত “বিশ্ব প্রতিবন্ধী দিৱস” উদযাপন...