এম্বুলেন্সৰ সলনি ঘোঁৰা গাড়ীত ৰোগীক নিলে চিকিৎসালয়লৈ
এম্বুলেন্সৰ সলনি ঘোঁৰা গাড়ীত ৰোগীক নিলে চিকিৎসালয়লৈ 
মুখ্য-পৃষ্ঠা

এম্বুলেন্সৰ সলনি ঘোঁৰা গাড়ীত ৰোগীক নিলে চিকিৎসালয়লৈ

Asomiya Pratidin

ডিজিটেল সংবাদ,মাজুলীঃ এম্বুলেন্সৰ সলনি ঘোঁৰা গাড়ীত ৰোগীক নিলে চিকিৎসালয়লৈ। এই ঘটনা সংঘটিত হৈছে মাজুলীত। বিজেপি চৰকাৰৰ কাৰ্যকালতে মাজুলীত বিধ্বস্ত যাতায়তৰ বাবে এম্বুলেন্সৰ সলনি ঘোঁৰা গাড়ীকে এম্বুলেন্স হিচাপে ব্যৱহাৰ কৰি ৰোগীক চিকিৎসালয়লৈ লৈ যোৱা এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে।

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ অতি ভিতৰুৱা পিছপৰা অঞ্চল উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত লুহিতপৰীয়া গাঁও পঞ্চায়তৰ পাঁচ নম্বৰ ৱাৰ্ডৰ ময়েঙীয়া গাঁৱখনত মঙলবাৰে পুৱা সাধাৰণ বয়-বস্তু লৈ যোৱাৰ দৰে ৰোগীকো ঘোঁৰা গাড়ীত উঠাই নিয়া শিহৰণকাৰী দৃশ্যই চৰকাৰৰ বৰমূৰীয়া সকলৰ হৃদয় গলাব নোৱাৰিলেও সাধাৰণ লোকক হতবাক কৰি তুলিছে।

নয়াবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ময়েঙীয়া গাঁও নিবাসী টুকেশ্বৰ পায়েংৰ পত্নী ৰয়মতী পায়েঙে যোৱা দুদিন ধৰি অতিৰিক্তভাৱে ৰক্তক্ষৰণ হৈ থকাৰ ফলত স্বাস্থ্যৰ অৱস্থা শোচনীয় হৈ পৰে। ইয়াৰ পিছতে চিকিৎসালয়ৰ চিকিৎসকৰ ওচৰলৈ লৈ যোৱাৰ বাবে তৎপৰতা গ্ৰহণ কৰে যদিও বিধ্বস্ত বাট- পথৰ পৰিপ্ৰেক্ষিতত বিমোৰত পৰে টুকেশ্বৰ পায়েংৰ পৰিয়ালে।

উপান্তৰ হৈ পৰিস্থিতিৰ মোকাবিলা কৰাৰ পদক্ষেপ হিচাপে গাঁৱখনৰ কোনো লোকৰ পৰা এখন ঘোঁৰা গাড়ীৰ ব্যৱস্থা কৰি উদীয়মান যুৱকৰ জৰিয়তে সাধাৰণ জড় পদাৰ্থৰ দৰে ঘোঁৰা গাড়ীত ৰয়মতী পায়েংক উঠাই দি ঠেলি লৈ যায় প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ বিধ্বস্ত পথত।

অৱশ্যে ইয়াৰ পিছত এখন এম্বুলেন্সৰে জিলা চিকিৎসালয়,গড়মূৰলৈ গৈ ভৰ্তি কৰোৱাৰ পিছত চিকিৎসা কৰোৱা হৈছে বুলি জানিবলৈ দিয়ে। সাধাৰণ জীৱ জন্তুৰ দৰে মানুহকো ঘোঁৰা গাড়ীৰে টানি নিয়া মৰ্মান্তিক দৃশ্যই সাধাৰণ লোকৰ মনত বিভিন্ন প্ৰশ্ন উদয় হৈছে।

স্থানীয় একাংশ ৰাইজৰ মতে এয়াই হৈছে বৰ্তমান মাজুলীৰ যাতায়ত ব্যৱস্থাৰ নগ্ন ছবি। উল্লেখ্য যে,লুহিত পৰীয়া গাঁও পঞ্চায়তৰ ময়েঙীয়া গাঁৱৰ সোঁ-মাজত অৱস্থিত বেছামৰা-টেকেলিফুটা মথাউৰিৰ ভগ্নাংশ মথাউৰি। এই মথাউৰিটো ১৯৭৭ চনত হোৱা প্ৰলয়ংকাৰী বান-গৰাখহনীয়াত বিধ্বস্ত হৈ পৰিছিল। পৰৱৰ্তী সময়ত মথাউৰিটো ব্ৰহ্মপুত্ৰৰ পৰা মাজুলী অংশলৈ চপাই আনি নিৰ্মাণ কৰাৰ ফলত বৰ্তমানৰ মথাউৰিটোৰ বাহিৰ অংশত অৱস্থিত এটি ভগ্নাংশ মথাউৰিৰ কাষতে অৱস্থান কৰি এই ময়েঙীয়া গাঁওখন।

এই মথাউৰিৰ পৰা ময়েঙীয়া গাঁৱলৈ দুৰত্ব প্ৰায় ১২০০ মিটাৰ দৈৰ্ঘ্য। এই ১২০০ মিটাৰ দৈৰ্ঘ্যৰ মাজত ব্ৰহ্মপুত্ৰৰ এটি এৰাসূতি আছে। এই এৰাসূতিৰ ওপৰত নিৰ্মাণ কৰা বাঁহৰ দলঙেৰে দুৰ্বিষহ যাতায়ত কৰি আহিছে।

মাজে সময়ে সংলিষ্ট গাঁও পঞ্চায়ত লুহিত পৰীয়া,জিলা পৰিষদে বাঁহৰ দলং নিৰ্মাণ কৰিলেও এই বাঁহৰ দলংত বিভিন্ন সময়ত ভয়াৱহ দুৰ্ঘটনাত মুখামুখি হৈ আহিছে গাঁওবাসী। আনহাতে জনস্বাৰ্থৰ নিৰাপত্তাৰ খাতিৰত পকী দলং নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে ময়েঙীয়া গাঁওবাসী।