মুখ্য-পৃষ্ঠা

কেন্দ্ৰলৈ সকাহ! ২০১৬ চনৰ বিমুদ্ৰাকৰণ বৈধ: উচ্চতম ন্যায়ালয়

Asomiya Pratidin

ডিজিটেল ডেস্ক: ২০১৬ চনত ভাৰতবৰ্ষত হোৱা বিমুদ্ৰাকৰণৰ ওপৰত এক গুৰুত্বপূৰ্ণ ৰায় আগবঢ়াইছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ২০১৬ চনৰ চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। ১০০০ আৰু ৫০০ টকীয়া নোট নিষিদ্ধ কৰণৰ ওপৰত জনোৱা হৈছিল এই প্ৰত্যাহ্বান।

চৰকাৰে এই পদক্ষেপৰ দ্বাৰা নিশাটোৰ ভিতৰতে প্ৰচলনৰ পৰা ১০ লাখ কোটি টকা প্ৰত্যাহাৰ কৰিছিল। ন্যায়াধীশ এছ.এ. নাজিৰৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে বিষয়টোৰ ওপৰত ৰায় ঘোষণা কৰে আৰু এই বিমুদ্ৰাকৰণক বৈধ বুলি কয়। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তই কেন্দ্ৰক এক ডাঙৰ সকাহ দিছে।

ন্যায়ালয়ে ৫৮ খনকৈ আৱেদন খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ে কয় যে এই সিদ্ধান্তটো সলনি কৰিব নোৱাৰি। বিমুদ্ৰাকৰণৰ সিদ্ধান্তত কোনো ত্ৰুটি নাই। ই বৈধ আছিল।

আৰু পঢ়ক: মৰিয়নিৰ গ্ৰামাঞ্চলত চাহ পৰ্যটনস্থলী গঢ়ি তোলাৰ প্ৰয়াস; আনিছে আশাৰ ৰেঙণি