মুখ্য-পৃষ্ঠা

৭৪ ! মেছিতকৈ আগত সুনীল চেত্ৰী…

asomiyapratidin

৭৪ ! মেছিতকৈ আগত সুনীল চেত্ৰী…

ফুটবল মানেই ৰোমান্স। বিশ্বৰ ফুটবলৰ মহানায়কসকলৰ ভিতৰত লিয়নেল মেছিও অন্যতম। যাৰ ভৰিত আছে যাদু। মেছিৰ ভৰিৰ ইছাৰাত নাচে খেলপথাৰত ফুটবল। বিশ্বৰ ফুটবলৰ মানচিত্ৰত তেনেই শিশু ভাৰত। ভাৰতৰ কোনোবাৰ ফুটবল খেলুৱৈৰ লগত তুলনা হয় জানো মেছিৰ! কিন্তু এই মহাতাৰকা গাৰকীকে পিছ পেলাই আগবাঢ়িল ভাৰতীয় ফুটবলৰ তাৰকা সুনীল চেত্ৰী। কেনেকৈ মেছিক অতিক্ৰম কৰিলে এইগৰাকী ভাৰতীয় ফুটবলাৰে? অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ বিশেষ প্ৰতিবেদন।

ভাৰতত ক্ৰিকেটক এবিধ খেলেই নহয় ক্ৰিকেট হৈ পৰিছে এক ধৰ্ম। ক্ৰিকেট বুলিলেই ভাৰতীয়ৰ মনত সৃষ্টি হয় উন্মাদনা। ক্ৰিকেটৰ বাবেই ভাৰতীয়ই বাদ দিব পাৰে নিজৰ কাম, বাদ দিব পাৰে খোৱা আৰু শুৱা। একেদৰে এই দেশত ক্ৰিকেটাৰসকলক তাৰকাৰ জ্ঞান কৰা হয়। বলিউদৰ নায়কতকৈ কোনোগুণে কম জনপ্ৰিয় নহয় ভাৰতীয় ক্ৰিকেটাৰসকল। ক্ৰিকেটৰ এনে জনপ্ৰিয়তাৰ বিপৰীতে কিন্তু ফুটবলৰ ক্ষেত্ৰত দেখা নাযায় এনে উন্মাদনা। ভাৰতৰ ফুটবলাৰসকলৰ নাই ক্ৰিকেটাৰৰ দৰে জনপ্ৰিয়তা। অৱশ্যে ভাৰতীয় ফুটবলে ক্ৰিকেটৰ দৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ এতিয়াও লাভ কৰা নাই বিশেষ সফলতা। বিশ্বক্ৰমত ভাৰতীয় ফুটবল দলৰ স্থান আজিৰ তাৰিখত ১০৪।

দলীয় ক্ষেত্ৰত ভাৰতীয় দলে বিশ্ব ফুটবলত বিশেষ সফলতা লাভ নকৰিলেও ভাৰতীয় ফুটবলাৰে কিন্তু বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। অতি শেহতীয়াকৈ ভাৰতী দলৰ ষ্ট্ৰাইকাৰ সুনীল চেত্ৰীৰ নাম চৰ্চালৈ আহিছে। মেছিৰ দৰে ফুটবলাৰৰ নাম তুলনা হৈছে তেওঁৰ সৈতে। আন্তৰ্জাতিক খেলত চলিত বছৰৰ গ'লৰ সংখ্যাত শীৰ্ষত আছে ৰ'নাল্ডো। গ'লেৰে চেঞ্চুৰী কৰা পৰ্টুগালৰ এই মহানায়কজনৰ নামত ১০৩ টা গ'ল।

ভাৰতীয় ফুটবলৰ এনে এক অৱস্থাৰ মাজতেই এগৰাকী ভাৰতীয় ফুটবলাৰে লাভ কৰিছে এক ঈৰ্ষণীয় সফলতা। যি সফলতাই তেওঁক বিশ্বতে পৰিচিত কৰি তুলিছে। বিশ্বৰ ফুটবল জগতত তেওঁকলৈ সৃষ্টি হৈছে নানান ধৰণৰ আলোচনা-বিলোচনা। এইগৰাকী বিশেষ ভাৰতীয় খেলুৱৈ আন কোনো নহয়, তেওঁ হৈছে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰী। শেহতীয়াকৈ সুনীলে ডোহাত অনুষ্ঠিত বিশ্বকাপ যোগ্যতা অৰ্জনৰ এখন মেচত বাংলাদেশৰ বিৰুদ্ধে দুটাকৈ গ'ল কৰি বিশ্বখ্যাত মহাতৰাকা লিয়নেল মেছিক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

ডোহাত সোমবাৰে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত বিশ্বকাপ কোৱালিফায়াৰৰ এখন মেচত দুটাকৈ গ'ল কৰি সুনীলে আন্তঃৰাষ্ট্ৰীয় মেচত ৭৪ টা গ'ল কৰিবলৈ সক্ষম হ'ল। ইয়াৰ লগে লগে সুনীলে মেছিক অতিক্ৰম কৰি সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ'ল কৰা বিশ্বৰ দ্বিতীয়গৰাকী ফুটবলাৰলৈ পৰিগণিত হৈছে। এই মুহূৰ্তত বিশ্বৰ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ'ল কৰা ফুটবলাৰৰ তালিকাত প্ৰথমস্থানত আছে পৰ্টুগাল উইংগাৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ডো। এই মুহূৰ্তলৈকে ৰ'নাল্ডোৱে ১০৩ টা গ'ল কৰি প্ৰথম স্থানত আছে। উল্লেখ্য যে, মহাতাৰকা মেছিয়ে বিগত সপ্তাহত চিলিৰ বিৰুদ্ধে গ'ল কৰি সুনীলৰ ৭২ টা গ'লৰ অভিলেখ স্পৰ্শ কৰিছিল। ইয়াৰ পিছতে সুনীলে সোমাবাৰে বাংলাদেশৰ বিৰুদ্ধে দুটাকৈ গ'ল কৰি পুনৰ মেছিক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।