ধুবুৰীত একাদশ কৃষি পিয়লৰ বাবে কৰ্মচাৰীৰ প্ৰশিক্ষণ সম্পন্ন...
ধুবুৰীত একাদশ কৃষি পিয়লৰ বাবে কৰ্মচাৰীৰ প্ৰশিক্ষণ সম্পন্ন... 
মুখ্য-পৃষ্ঠা

ধুবুৰীত একাদশ কৃষি পিয়লৰ বাবে কৰ্মচাৰীৰ প্ৰশিক্ষণ সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ ধুবুৰীঃ সমগ্ৰ দেশৰ লগতে ধুবুৰী জিলাতো শীঘ্ৰে আৰম্ভ হ'ব একাদশ সংখ্যক কৃষি পিয়ল, ২০২১-২২৷ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ ধুবুৰী জিলাৰ উপ-সঞ্চালকৰ কাৰ্যালয়ৰ তত্বাৱধানত হ'বলগীয়া কৃষি পিয়লত জড়িত হ'ব চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল আৰু কানুনগোসকল৷

আজি ধুবুৰী জিলা পৰিষদৰ সভাকক্ষত ম'বাইল এপ্লিকেশ্যনৰ সহায়ত হ'বলগীয়া কৃষি পিয়লৰ বিষয়ে মণ্ডল আৰু কানুনগোসকলক প্ৰশিক্ষণ দিয়া হয়৷ এদিনীয়া প্ৰশিক্ষণ আৰু কৰ্মশালাখন মুকলি কৰে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীয়ে৷

তেওঁ ভাৰত চৰকাৰে ১৯৭০-৭১ বৰ্ষৰে পৰা প্ৰতি ৫ বছৰৰ অন্তৰত কৰি অহা কৃষি পিয়ল নিয়াৰিকৈ আৰু আন্তৰিকতাৰে সম্পন্ন কৰিবলৈ মণ্ডল আৰু কানুনগোসকলক আহ্বান জনায়৷ ইয়াৰ পূৰ্বে আদৰণি ভাষণ প্ৰদান কৰে অৰ্থনীতি আৰু পৰিসংখ্যাৰ ধুবুৰী জিলাৰ উপ-সঞ্চালক অৰুণ ভট্টাচাৰ্যই৷

তেওঁ কয় যে, কৃষি পিয়লৰ জৰিয়তে কাৰ কিমান কৃষি ভূমি আছে, গৰাকীয়ে কৃষি ভূমি কেনেকৈ ব্যৱহাৰ কৰিছে, কেনেধৰণৰ খেতি কৰা হৈছে, কৃষি কৰ্মত ব্যৱহাৰ কৰা সাৰ আৰু কৃষি সঁজুলি আদি তথ্য সংগ্ৰহ কৰা হ'ব৷ এই তথ্যসমূহ দেশৰ উন্নয়ণ পৰিকল্পনা আৰু আৰ্থ-সামাজিক নীতি প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰা হয়৷

কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ পৰা অহা গৱেষণা বিষয়া মুকুল শৰ্মা আৰু দিলীপ ঠাকুৰীয়াই৷ ধুবুৰী জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰী প্ৰমুখ্যে আন কেইবাজনো ব্যক্তিয়ে কৃষি পিয়লত জড়িত হ'বলগীয়া লোকসকলক পৰামৰ্শ প্ৰদান কৰে৷