শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰহোলা আঞ্চলিক শাখাৰ ৪৩ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন...
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰহোলা আঞ্চলিক শাখাৰ ৪৩ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন... 
মুখ্য-পৃষ্ঠা

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰহোলা আঞ্চলিক শাখাৰ ৪৩ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ সহস্ৰাধিক ভকত-বৈষ্ণবৰ উপস্থিতত স্থাপন কৰা হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰহোলা আঞ্চলিক শাখাৰ ৪৩ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ লাইখুঁটা। হৰিনামৰ ধবনিত মুখৰ শুকানজানৰ গোবিন্দগিৰি সমন্বয় ক্ষেত্ৰ।

লাইখুঁটা স্থাপন উপলক্ষে আজি পুৱা গোবিন্দগিৰি প্ৰাথমিক নামঘৰত নামপ্ৰসংগ অনুষ্ঠিত হয় । ইয়াৰ পাছতে বৰহোলা আঞ্চলিক শাখাৰ ৪৩ প্ৰাথমিক শাখাৰ প্ৰতিনিধি উপস্থিতত অহা ২১ আৰু ২২ জানুৱাৰীত হ'ব লগা দ্বিবাৰ্ষিক অধিবেশনস্থলিত তিতাবৰ মহকুমাৰ নগাবাট শুকানজান গাঁৱৰ গোবিন্দগিৰি সমন্বয় ক্ষেত্ৰত উখল-মাখল পৰিবেশ বিৰাজ কৰিছে।

বৰহোলা আঞ্চলিকৰ সহস্ৰাধিক ভকত-ৱৈষ্ণৱে গায়ন-বায়ন আৰু হৰিনামেৰে গোবিন্দগিৰি প্ৰাথমিক শাখা নামঘৰৰ পৰা পদযাত্ৰা কৰি শুকানজানৰ পথাৰত হৰিনামৰ ধ্বনিৰে লাইখুঁটা স্থাপন কৰে। উল্লেখ্য যে, ৮০ নং গোবিন্দগিৰি প্ৰাথমিক শাখাৰ আতিথ্যত ২১ জানুৱাৰীৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বাৰ্ষিক অধিবেশনৰ বাবে সৰ্বেশ্বৰ হাজৰিকাক সভাপতি, ৰমেন বড়াক উপ-সভাপতি, ৰিখেশ্বৰ গগৈক কাৰ্যকৰী সভাপতি, তুলেশ্বৰ ফুকনক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰিছে।

ইতিমধ্যে উদযাপন সমিতিয়ে ব্যাপক তৎপৰতাৰে অধিবেশনৰ প্ৰস্তুতি আৰম্ভ কৰিছে।