শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ ৰাজ্যিক সভাপতি, সম্পাদকৰ বিৰুদ্ধে বৃহৎ টকাৰ কেলেংকাৰিৰ অভিযোগ...
শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ ৰাজ্যিক সভাপতি, সম্পাদকৰ বিৰুদ্ধে বৃহৎ টকাৰ কেলেংকাৰিৰ অভিযোগ...  
মুখ্য-পৃষ্ঠা

শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ ৰাজ্যিক সভাপতি, সম্পাদকৰ বিৰুদ্ধে বৃহৎ টকাৰ কেলেংকাৰিৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ 'শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ বৰ্তমানৰ পদাধিকাৰ গৰাকীয়ে নিজৰ চিন্তা ধাৰা সংযত কৰিব নোৱাৰাত সমাজখনৰ ভিতৰচʼৰাত না না বিশৃংখলতাৰ সৃষ্টি হৈছে। ফলত ৰাজ্যিক সমাজৰ পৰা কেইবাখনো জিলা আঁতৰি গৈছে। হয় তেওঁ সমাজখন সুস্থ ভাৱে পৰিচালনা কৰক নতুবা পদত্যাগ কৰক।'

সোমবাৰে পদাধিকাৰৰ বিৰুদ্ধে এই মন্তব্য কৰে শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ কলিয়াবৰ জিলা সমাজৰ সভাপতি প্ৰমোদ শইকীয়াই। উল্লেখ্য যে, ৰাজ্যিক সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে দিনেশ মহন্ত আৰু শ্ৰীমন্ত ভূঞাৰ বিৰুদ্ধে কেইবালাখ টকাৰ কেলেংকাৰি ঘটোৱা বুলি উঠা অভিযোগৰ ভিত্তিত ক্ষুব্ধ হৈ সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ কলিয়াবৰ জিলাৰ সভাপতি প্ৰমোদ শইকীয়াই এক সংবাদ মেল যোগে এই কথা ব্যক্ত কৰে।

সংবাদ মেলত ৰাজ্যিক সম্পাদক গৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰি সভাপতিগৰাকীয়ে লগতে কয় বৰভাগ মালা গ্ৰহণ কৰা সমাজৰ আচাৰ নীতি নমনা মিছাৰ আশ্ৰয় লোৱা চতুৰ ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীমন্ত ভূঞাই বিগত ১১ ডিচেম্বৰতে নিজৰ পদবীৰ পৰা অব্যাহতি লোৱাৰ পাছত সংবাদ মাধ্যমৰ জড়িয়তে ভকতসকলক তীৰ্যক মন্তব্য কৰা কথাই ৰহস্যৰ সৃষ্টি কৰা বুলি উল্লেখ কৰে।

তেওঁ লগতে কলিয়াবৰ আঞ্চলিক সমাজত নতুনকৈ গঠন হোৱা মণিকাঞ্চন আঞ্চলিকটো সমাজৰ সংবিধানৰ মান্যতা দি গঠন নোহোৱা সত্বেও সভাপতি গৰাকীয়ে তেওঁৰ কাৰ্যনিৰ্বাহ সভাই অবৈধ ভাৱে অনুমোদন জনোৱা কথাত কলিয়াবৰ জিলা সমাজ ক্ষুন্ন হোৱা বুলিও দোহাৰে। সংবাদ মেলত ৰাজ্যিক সভাপতি গৰাকীৰ একনায়কত্ববাদী সিদ্ধান্তত সভাপতি দিনেশ মহন্ত ৰাজ্যিক সভাপতি হৈ থকা লৈকে কলিয়াবৰ জিলা সমাজখন ৰাজ্যিক সমাজৰ পৰা আঁতৰি থাকিব বুলি স্পষ্ট কৰি দিয়ে।

তেওঁ কলিয়াবৰ জিলা সমাজ নাম ধৰ্ম সমাজৰ পৰা আঁতৰি থকা নাই বুলিও দোহাৰে। সংবাদ মেলত দিলীপ নেওগে কয় যে ,শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ নামৰ এই সুবৃহৎ অনুষ্ঠানটোৰ গঠন প্ৰক্ৰিয়াত স্বনামধন্য গোলোক কাকতি, ভোলা কটকী আৰু কলিয়াবৰৰ ডিম্বেশ্বৰ শইকীয়াই অহোপুৰুষাৰ্থ আছে। তেওঁলোকৰ প্ৰচেষ্টাত গঠন হোৱা সুবৃহৎ অনুষ্ঠানটোক ঢাপত গজা দিনেশ মহন্ত নামৰ সভাপতিজনে ভৰিৰে মোহাৰি নষ্ট কৰিবলৈ ওলোৱা কাৰ্য অতিশয় গৰ্হিত আৰু গৰিহনাৰ যোগ্য।

সংবাদ মেলত অসম আই মাতৃ সমাজৰ হৈ সভানেত্ৰী আৰু সম্পাদিকা ক্ৰমে হেমলতা শইকীয়া আৰু মলয়া মেধীয়ে ৰাজ্যিক সভাপতি আৰু সম্পাদক গৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, বাৰে বাৰে নিজে কৰা ভুল ঢাকিবলৈ আন এটা ভুল কৰা পদ্ধতিৰে সভাপতি আৰু সম্পাদকগৰাকীয়ে গতি লৈছে।

কলিয়াবৰ আঞ্চলিক সমাজৰ চতিয়াল বৰ নামঘৰ প্ৰাংগনত আয়োজিত সংবাদ মেলত জিলা সমাজৰ সম্পাদক টংকেশ্বৰ বৰুৱা, দিলীপ নেওগ, আনন্দ দাস, উপেন বৰা, গগন বৰা, দীপক বৰা, বনমালি শইকীয়া কে প্ৰমূখ্য কৰি শতাধিক ভক্ত বৈষ্ণৱ আই মাতৃয়ে অংশ লয়। সংবাদ মেলখনত নগাঁও, জামুগুৰিহাটত, যোৰহাট আদি ছয়খন জিলা সমিতিয়ে অংশগ্ৰহণ কৰে।