নগাঁৱৰ শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰত সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন
নগাঁৱৰ শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰত সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন 
মুখ্য-পৃষ্ঠা

ব্ৰহ্মচাৰী সত্ৰত গাম্ভীর্যপূৰ্ণ অনুষ্ঠানঃ ড০ নৰেন কলিতাক 'মহন্ত' বটাঁ প্ৰদান...

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ নগাঁও জিলাৰ সত্ৰ মহাসভাৰ উদ্যোগত নগাঁও জিলা সতী ৰাধিকা মহিলা তীৰ্থ আৰু নগাঁও জিলা সমন্বিত যুৱতীৰ্থৰ সহযোগত মঙলবাৰে দ্বাবিংশতিতম সত্ৰীয়া সংস্কৃতি দিৱসটি উৰিয়াগাঁৱৰ সমীপৰ পহুকটাৰ শ্ৰী শ্রী ব্ৰহ্মচাৰী সত্ৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে। কাৰ্যসূচী অনুসৰি পুৱা অসম সত্ৰ মহাসভাৰ ধ্বজ্জা উত্তোলন কৰে নগাঁও জিলা সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি কুশল চন্দ্ৰ মহন্তই। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পন কৰে সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন সমিতিৰ সভাপতি কীৰ্তিকান্ত গোস্বামীয়ে।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি ইয়াৰ পিছতেই নাম-প্ৰসংগৰ অন্তত মুকলি সভা অনুষ্ঠিত হয়। নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি ডা০ কেশৱানন্দ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নিৰ্দিষ্ট বক্তা হিচাপে পুৰণিগুদামৰ লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীয়ে অংশগ্ৰহণ কৰি সত্ৰীয়া সংস্কৃতিৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰসংগত কয়, অসমৰ সত্ৰসমূহত সত্ৰীয়া-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগতে যি ধৰণে চৰ্চা চলোৱা হৈছিল। কিন্তু বৰ্তমান স্থান বিশেষে কিছুমান সত্ৰত পূৰ্বৰ সেই পৰম্পৰা ব্যাহত হোৱা বুলি মোৰ অনুভৱ হৈছে। গতিকে অসম সত্ৰ মহাসভাই সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰা উচিত বুলি সত্ৰাধিকাৰ গোস্বামীয়ে মন্তব্য কৰে।

নগাঁও জিলাৰ সত্ৰ মহাসভাৰ সম্পাদক দিগন্ত প্ৰকাশ মহন্তই আঁত ধৰা সভাত বিশিষ্ট শিক্ষাবিদ,গৱেষক,বৈষ্ণৱ পণ্ডিত ড০ নৰেন কলিতাক " মহন্ত" স্মাৰক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে।

শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰত সত্ৰীয়া সংস্কৃতি দিৱস

সভাত বঁটা গ্ৰহণ কৰি বিশিষ্ট গৱেষক পণ্ডিত ড০ নৰেন কলিতাই ভাষণ প্ৰসংগত কয়, সত্ৰীয়া সংস্কৃতিৰ সাধক, সু-লেখক,সমাজকৰ্মী তথা নগাঁও জিলা সত্ৰ মহাসভাৰ এজন সক্রিয় কৰ্মী ৰেৱত চন্দ্ৰ মহন্তৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে নগাঁও জিলা সত্ৰ মহাসভাই তেওঁৰ স্মৃতিত যি স্মাৰক বঁটা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে,এইয়া সচাকৈয়ে প্ৰশংসনীয় পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে।

সভাত পুৰণিগুদামৰ শ্ৰী শ্ৰী লাইআটি সত্ৰৰ সত্ৰাধিকাৰ, শিক্ষাবিদ,সাহিত্যিক,নাট্যশিল্পী যুগল চন্দ্ৰ দেৱ গোস্বামী,নগাঁৱৰ কঁহুৱাতলী,হুজৰ শ্ৰী শ্ৰী ডৌকাচাপৰি সত্ৰৰ সত্ৰাধিকাৰ,বিশিষ্ট সত্ৰীয়া শিল্পী তুলসী মহন্তক বিশেষভাৱে সম্বৰ্ধনা জনায়।

উক্ত সভাতেই অৰ্চনা গোস্বামী,ইপ্সিতা গোস্বামী,তপস্যা মহন্তই বৰগীত,নন্দিতা গোস্বামী,জিজ্ঞাসা মহন্ত,গাৰ্গী গোস্বামীয়ে সত্ৰীয়া নৃত্য,ঋষিকাৰানী বৰুৱাই আধুনিক নৃত্য পৰিবেশন কৰে। উক্ত সভাত অৱসৰ প্ৰাপ্ত অধ্যাপিকা ড০ নীৰদা মহন্তৰ "ভকতি পুষ্পৰে সেৱা"শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে নগাঁও জিলা নগাঁও জিলাৰ সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা সত্ৰাধিকাৰ নবীন চন্দ্ৰ গোস্বামীয়ে।

সভাত বিশিষ্ট শিক্ষাবিদ তথা সত্ৰাধিকাৰ প্ৰসন্ন কুমাৰ গোস্বামী,সত্ৰাধিকাৰ ক্ৰমে ভীষ্ম দুৰ্লভ মহন্ত,গজেন্দ্রনাথ মহন্ত,অশোক মহন্ত,সৰ্বানন্দ মহন্ত,জীবেশ্বৰ গোস্বামী,প্ৰাক্তন অধ্যক্ষ ক্ৰমে দেৱানন্দ গোস্বামী,শৈলেন্দ্ৰ গোস্বামী,প্ৰাক্তন প্ৰধান শিক্ষক কমলা কান্ত বৰা,থুলেশ্বৰ বৰা,মাখনী মহন্ত,ডেকা সত্ৰাধিকাৰ অমৃত মহন্ত,ডেকা সত্ৰীয়া,হেমেন্দ্ৰ গোস্বামী,উদযাপন সমিতিৰ সম্পাদক জয়ন্ত গোস্বামীকে ধৰি কে'বাগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে। আনহাতে সন্ধিয়া ২২ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমাজকৰ্মী নগেন বৰুৱাই।

আৰু পঢ়কঃ চিদলী-চিৰাং উন্নয়ন খণ্ডত এম জি এনৰেগাৰ আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতিৰ অভিযোগ...