ঐতিহাসিক বিজয় ! চৌদি আৰৱত বিজয় উৎসৱ, ৰাজহুৱা বন্ধ পালন...
ঐতিহাসিক বিজয় ! চৌদি আৰৱত বিজয় উৎসৱ, ৰাজহুৱা বন্ধ পালন... 
মুখ্য-পৃষ্ঠা

ঐতিহাসিক বিজয় ! চৌদি আৰৱত বিজয় উৎসৱ, ৰাজহুৱা বন্ধ পালন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম্ভৱ হৈ পৰিল সম্ভৱ। কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপৰ প্ৰথমটো বৃহৎ অঘটন সংঘটিত হ'ল আৰ্জেণ্টিনা আৰু চৌদি আৰৱৰ মাজৰ মেচত। বিশ্বকাপৰ যাত্ৰাৰ আৰম্ভণিতে স্তব্ধ হ'ল এসময়ৰ বিশ্বজয়ী, ফুটবলৰ ৰাজপুত্ৰ মাৰাডোনাৰ দেশ, লিয়নেল মেছিৰ নেতৃত্বাধীন আৰ্জেণ্টিনা।

ফিফাৰ ৰেংকিঙৰ তলৰ ফালে থকা চৌদি আৰৱ মেচখনত অতি স্বাভাৱিক ভাৱে পৰাস্ত হ'ব বুলি পূৰ্বৰে পৰা ফুটবল বিশেষজ্ঞই কৰি অহা দাবীক নস্যাত কৰি চৌদি আৰৱে ২-১ ব্যৱধানত আৰ্জেণ্টিনাক পৰাস্ত কৰিবলৈ সক্ষম হয়।

চৌদি আৰৱৰ এই ঐতিহাসিক বিজয়ৰ লগে লগে সমগ্ৰ দেশখনতে পালন কৰা হৈছে বিজয় উৎসৱৰ। তাৰ সমান্তৰালকৈ দেশখনৰ ৰজা মহম্মদ বিন চলমানে ৰাজহুৱা বন্ধৰো ঘোষণা কৰিছে।

উল্লেখ্য যে, মেচখনত চৌদি আৰৱৰ হৈ অল শ্বেহৰী আৰু ডাউছাৰীয়ে এটাকৈ গ'ল কৰে। আৰ্জেণ্টিনাৰ হৈ একমাত্ৰ গ'লটো পেনাল্টীৰ জৰিয়তে মেছিৰ ভৰিৰ পৰা আহে।

ক্লিক কৰি পঢ়কঃ শ্বিলং নাযাব !