মুখ্য-পৃষ্ঠা

সোণাৰিৰ শালকাঠনী চাহ বাগিচাত হত্যাকাণ্ড

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোণাৰিৰ শালকাঠনী চাহ বাগিচাত হত্যাকাণ্ড। জানিব পৰা মতে চোকা অস্ত্ৰৰে ডিঙিত ঘাপ মৰাৰ ফলতেই মৃত্যু হয় বিজয় তন্তবাই (৪৫) নামৰ লোকজনৰ ৷

নিজ গৃহত বিজয় তন্তবাই শুই থকা অৱস্থাত মাজনিশা কোনো দুৰ্বৃত্তই ঘৰৰ দুৱাৰ খুলি বিজয়ৰ কন্যাৰ শোৱা কোঠাত প্ৰৱেশ কৰে। কন্যাগৰাকীয়ে কোনো লোক অহাৰ সম্ভেদ পাই চিঞঁৰ-বাখৰ কৰাত পিতৃ বিজয় তন্তবাই শোৱা পাটিৰ পৰা উঠি আহি দুৰ্বৃত্তগৰাকীক আটক কৰিবলৈ চেষ্টা চলাওঁতেই দুৰ্বৃত্তই হাতত লৈ অনা চোকা অস্ত্ৰৰে বিজয়ক আঘাত কৰি পলায়ন কৰে বুলি জানিবলৈ দিয়ে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিজয়ক নিশাই সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। ডিব্ৰুগড়লৈ গৈ থকাৰ পথতে বিজয় তন্তবাই মৃত্যুক আকোঁৱালি লয় ৷ অৱশ্যে, আৰক্ষীয়ে হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।