মুখ্য-পৃষ্ঠা

ভেণ্টিলেটৰত সোমনাথ চেতাৰ্জী, বিকল দেহৰ প্ৰায়বোৰ অংগ

asomiyapratidin

ডিজিটেল ডেস্কঃ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেতাৰ্জীৰ স্বাস্থ্য অধিক সংকটজনক হৈ পৰিছে। বৰ্তমান ভেণ্টিলেটৰত আছে বৰ্ষীয়ান নেতাগৰাকী। যক্কৃত ৰোগত আক্ৰান্ত ৮৯বছৰীয়া চেতাৰ্জীক কলকাতাৰ ব্লু ভিউ ক্লিনিকত চিকিৎসাধীন হৈ আছে।

৪০দিন চিকিৎসালয়ত থকাৰ পাছত ১ আগষ্টত তেওঁ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল। কিন্তু পৰৱৰ্তী সময়ত পুনৰ স্বাস্থ্যৰ অৱনতি ঘটনাত এসপ্তাহৰ পূৰ্বে চেতাৰ্জীক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।

চিকিৎসকৰ মতে, তেওঁৰ অধিক সংকটজনক। দেওবাৰে চেতাৰ্জী মাইল্ড হাৰ্ট ষ্ট্ৰক হোৱাত স্বাস্থ্যৰ পুনৰ বেয়া হৈ পৰে। তেওঁৰ প্ৰায়বোৰ অংগ-পতংগ বিকল হৈ পৰিছে।

উল্লেখযোগ্য যে, লোকসভাৰ এইগৰাকী প্ৰাক্তন অধ্যক্ষ তথা চি পি এমৰ নেতা সোমনাথ চেতাৰ্জীৰ জন্ম হৈছিল অসমৰ তেজপুৰত।