ভাৰতীয় ৰাজনীতিত প্ৰজ্ঞা আৰু দৃঢ়তাৰ এক প্ৰতীক আছিল সোমনাথ চেতাৰ্জী

ভাৰতীয় ৰাজনীতিত প্ৰজ্ঞা আৰু দৃঢ়তাৰ এক প্ৰতীক আছিল সোমনাথ চেতাৰ্জী

ডিজিটেল ডেস্কঃ সোমানাথ চেতাৰ্জী আৰু নাই। অন্ত পৰিল এক ৰাজনৈতিক সত্তাৰ। ভাৰতীয় ৰাজনীতিত সততা আৰু সাহসৰ প্ৰতীক আছিল এইগৰাকী ৰাজনীতিবিদ।

সোমনাথ চেতাৰ্জীৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৫জুলাইত। সোমবাৰে পুৱা ৮.১৫ বজাত কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে চেতাৰ্জীয়ে। যক্কৃৎজনিত ৰোগত আক্ৰান্ত চেতাৰ্জী ২০০৪চনৰ পৰা ২০০৯চনলৈ লোকসভাৰ অধ্যক্ষ আছিল।

প্ৰথমবাৰ ২৮জুনত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। দীৰ্ঘদিন চিকিৎসালয়ত থকাৰ পাছত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল যদিও, পুনৰ স্বাস্থ্যৰ অৱস্থাত বেয়া হোৱাত ১০ আগষ্টত চিকিৎসালয়ত ভৰ্তি কৰা হয়। তাৰ পাছত স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অধিক বেয়া হোৱাত দেওবাৰে চেতাৰ্জীক ভেণ্টিলেটৰত ৰখা হৈছিল।

সোমনাথ চেতাৰ্জীৰ পিতৃৰ নাম আছিল নিৰ্মল চন্দ্ৰ চেতাৰ্জী। তেওঁৰ পিতৃ আছিল বিশিষ্ট আইনজ্ঞ। আইনৰ শিক্ষা গ্ৰহণ কৰা চেতাৰ্জীয়ে প্ৰথমে অধিবক্তাৰূপে কাম কৰিছিল। তাৰ পাছতে তেওঁ ৰাজনীতি ভৰি থৈছিল।

১৯৬৮চনত চেতাৰ্জীয়ে ভাৰতীয় কমিনিছ পাৰ্টীৰ সদস্য হয়। তাৰ পৰাই আৰম্ভ হয় তেওঁৰ ৰাজনৈতিক যাত্ৰা। ১৯৭১চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০০৪চনত অন্তিমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল তেওঁ। ২০০৪চনৰ ৪জুনত চেতাৰ্জীৰ নাম কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে লোকসভাৰ অধ্যক্ষৰূপে প্ৰস্তাৱ ৰাখিছিল।

সৰ্বসন্মতিক্ৰমে তেওঁ এই পদলৈ নিৰ্বাচিত হৈছিল আৰু অতি দৃঢ়তাৰে তেওঁ সদনৰ কাম-কাজ পৰিচালনা কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। অতি দৃঢ় আৰু স্পষ্টবাদী চেতাৰ্জীক ২০০৮চনত চি পি আই (এম) দলৰ পৰা বহিষ্কাৰ কৰা হয়।

সোমনাথ চেতাৰ্জীৰ জন্ম হৈছিল অসমৰ তেজপুৰত। ৰাজনীতি ক্ষেত্ৰখনত চেতাৰ্জী আছিল যথেষ্ট অভিজ্ঞ। চেতাৰ্জীৰ মৃত্যুত বিভিন্নজনে শোক ব্যক্ত কৰে। তাৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ অন্যতম।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in