মুজাম্মিল খান
মুজাম্মিল খান 
মুখ্য-পৃষ্ঠা

ঘিলাগুৰিত শহুৰেকৰ দাৰ ঘাপত জোঁৱায়েকৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ শহুৰেকৰ হাতত প্ৰাণ গ'ল জোঁৱাইয়েকৰ। এই ঘটনা সংঘটিত হৈছে শিবসাগৰ জিলাৰ ঘিলাগুৰি গাঁৱত। জোঁৱাইয়েকৰ অত্যাচাৰত অতিষ্ঠ শহুৰেকে ঘপিয়াই হত্যা কৰা এক ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

জানিব পৰা অনুসৰি মুজাম্মিল খান নামৰ জোঁৱাইকক হত্যা কৰে শহুৰেক জেহিৰুদ্দিন আহমেদে। জোঁৱায়েকক হত্যা কৰি শিৱসাগৰ সদৰ থানাত আত্মসমৰ্পণ কৰে হত্যাকাৰী জেহিৰুদ্দিন আহমেদে ৷

ইতিমধ্যে মোজাম্মিল খানৰ মৃতদেহ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, বিগত ১২ বছৰে জেহিৰউদ্দিনৰ জীয়েক ছালমা বেগমক অত্যাচাৰ কৰি অহাৰ বাবে অতিষ্ঠ হৈ এই হত্যাকাণ্ড সংঘটিত কৰা বুলি খানে কয়। কিন্ত স্থানীয় একাংশ লোকৰ মতে ছালমা বেগম আৰু তেওঁৰ পিতৃয়ে মিলি মোজাম্মিল খানক হত্যা কৰা বুলি অভিযোগ তোলে ৷

আৰু পঢ়কঃ সেনাৰ বাহনত আক্ৰমণত আলফাক সহায় কৰা যুৱকক আটক...