মুখ্য-পৃষ্ঠা

অসমীয়া ক’ব নজনা ‘ইন্টাৰনেচনেল বিধায়ক’ চিৰাজউদ্দিন আজমলে অৱশেষত ক’লে- SORRY

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমীয়া কব নাজানো বুলি কৈ নিজৰ ভুল স্বীকাৰ নকৰা বিধায়ক চিৰাজউদ্দিন আজমলে অৱশেষত ক্ষমা প্ৰাৰ্থনা কৰিলে। এক ভিডিঅ বাৰ্তাযোগে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে AIUDFৰ বিধায়কগৰাকীয়ে।

উল্লেখ্য যে, ৰাজ্যসভা নিৰ্বাচনক লৈ কৰা এক প্ৰশ্নৰ উত্তৰ সাংবাদিকে অসমীয়াত দিবলৈ কোৱাত চিৰাজউদ্দিন আজমলে কৈছিল যে, মই অসমীয়া কব নাজানো। মই হৈছো ইন্টাৰনেচনেল মানুহ, অসমীয়া ভাষা কোনে বুজি পায়।

আজমল ভাতৃৰ এই বিৰ্তকিত মন্তব্যৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰতিক্ৰিয়া দেখি প্ৰথমে চিৰাজউদ্দিন আজমলে তেওঁৰ মন্তব্য বিকৃত কৰা হৈছে বুলি কলেও অৱশেষত ভিডিঅ বাৰ্তাযোগে ক'লে- 'বিধায়ক হৈ থকালৈকে সলসলীয়াকৈ অসমীয়া ক'বলৈ শিকিম। এনে মন্তব্যৰ বাবে মই ক্ষমাপ্ৰাৰ্থী।

বিধানসভাৰ চৌহদতে চিৰাজউদ্দিন আজমলে অসমীয়া বিদ্বেষী এই মন্তব্য়ক লৈ ইতিমধ্যে কেইবাটাও দল-সংগঠনে গোচৰ ৰুজু কৰাৰো তথ্য পোৱা গৈছে।