ঢকুৱাখনা সদৰ থানাৰ নতুন অ’চি হিচাপে নিযুক্তি নৱজ্যোতি ৰয়ক…

ঢকুৱাখনা সদৰ থানাৰ নতুন অ’চি হিচাপে  নিযুক্তি নৱজ্যোতি ৰয়ক…

ডিজিটেল সংবাদ,ঢকুৱাখনা:  ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ এক নিৰ্দেশনা অনুসৰি ঢকুৱাখনা সদৰ থানাত এগৰাকী নতুন অচি নিযুক্তি দিছে ।  গৃহ বিভাগৰ অন্তৰ্গত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ ২ এপ্ৰিলৰ  নিৰ্দেশনা নং এফ এ/৩/৩৪/২০১৪/পি টি ২৬০  অনুসৰি ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টু বৰাক দেৰগাঁৱৰ  আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰলৈ বদলি কৰিছে।

একে লগে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ( প্ৰশাসন) এম পি গুপ্তা  স্বাক্ষৰিত এফ এ/ ৪ /২৩/২০২১/১৪৩ নং নিৰ্দেশনা যোগে ঢকুৱাখনা সদৰ থানাত নিযুক্তি দিছে গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্য্যালয়ৰ পৰিদর্শক নৱজ্যোতি ৰয়ক ।  নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে অচিৰেই যোগদান কৰিব ঢকুৱাখনাত।


উল্লেখ্য যে, মাত্ৰ ৬ মাহৰ পূৰ্বে গুৱাহাটীৰ  চি আই ডিৰ পৰা ঢকুৱাখনালৈ বদলি হৈ আহিছিল পৰিদর্শক মন্টুৰাম বৰা । উক্ত নিৰ্দেশনা অনুসৰি ঢকুৱাখনাৰ উপৰিও ৰাজ্যখনৰ মুঠ ১৩ গৰাকী পৰিদর্শকৰ ৰদ বদল কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in