মুখ্য-পৃষ্ঠা

নিৰ্বাচনত মোৰ জয়লাভৰ পিছৰে পৰা বিজেপিয়ে মোক শাস্তি দি আহিছেঃ আজম খান

asomiyapratidin

ডিজিটেল ডেস্কঃ 'মই নিৰ্বাচনত জয়লাভ কৰাৰ পিছৰে পৰাই বিজেপিয়ে মোক শাস্তি দি আহিছে।' -এই অভিযোগ উত্তৰ প্ৰদেশৰ ৰামপুৰ সমষ্টিৰ সাংসদ তথা সমাজবাদী নেতা আজম খানৰ। শুকুৰবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি সাংসদগৰাকীয়ে নিৰ্বাচনত জয়লাভ কৰাৰ পিছৰে পৰাই বিজেপিয়ে বিভিন্ন প্ৰকাৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা বুলি অভিযোগ কৰে।

উল্লেখ্য যে, আজম খানৰ বিৰুদ্ধে আছে ৰামপুৰৰ কেইবাটাও অঞ্চলত ভূমি বেদখলৰ অভিযোগ। শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে ২৬ গৰাকী কৃষকক বন্দী কৰি তেওঁলোকৰ কৃষিভূমিত বেদখল কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে উত্তৰ প্ৰদেশ চৰকাৰৰ 'এন্টি ভূ-মাফিয়া পৰ্টেল'ত ভূ-মাফিয়া হিচাপে সাসংদ গৰাকীৰ নাম অন্তৰ্ভূক্ত কৰি তদন্ত আৰম্ভ কৰে প্ৰশাসনে।

আৰক্ষী সূত্ৰই সদৰি কৰা মতে, আজম খানৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ কেইবাখনো থানাত ৩০টাৰো অধিক গোচৰ ৰুজু হৈ আছে। ইয়াৰে অধিক সংখ্যকেই হৈছে ভূমি সংক্ৰান্তীয় গোচৰ। আনহাতে সাংসদ আজম খানৰ ভূমি কেলেংকাৰীত সহযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে আলেহাছান খান নামৰ এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ বিৰুদ্ধেও।

এই সন্দৰ্ভত শুকুৰবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰে আজম খানে। তেওঁৰ বিৰুদ্ধে বিজেপিয়ে বৃহৎ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উত্থাপন কৰি কয়, 'ইচ্ছা কৰিলে চৰকাৰে মোৰ বিৰুদ্ধে তদন্ত কৰিব পাৰে। মই নিৰ্বাচনত জয়লাভ কৰাৰ পিছৰে পৰা মোক এনেদৰে শাস্তি প্ৰদান কৰি আহিছে বিজেপিয়ে। এতিয়া মোৰ চাৰিওফালে শত্ৰুই বাস কৰে।'