ৰক্ষকেই ভক্ষক! ২৬ গৰাকী কৃষকৰ ভূমি বেদখলৰ চেষ্টা সমাজবাদী নেতা আজম খানৰ…

ৰক্ষকেই ভক্ষক! ২৬ গৰাকী কৃষকৰ ভূমি বেদখলৰ চেষ্টা সমাজবাদী নেতা আজম খানৰ…

ডিজিটেল ডেস্কঃ দৰিদ্ৰ কৃষক আৰু চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগত পুনৰ এবাৰ অভিযুক্ত হৈছে সমাজবাদী পাৰ্টীৰ নেতা তথা সাংসদ আজম খান। উত্তৰ প্ৰদেশৰ এইগৰাকী প্ৰভাৱশালী নেতাৰ বিৰুদ্ধে এইবাৰ ভূমি বেদখলৰ অভিযোগ উত্থাপন কৰিছে ২৬ গৰাকীকৈ দৰিদ্ৰ কৃষকে।

কৃষকসকলে অভিযোগ কৰা অনুসৰি আজম খানে আলেহাছান খান নামৰ এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ সহযোগত কৃষকসকলৰ ভূৱা গোচৰত বন্দী কৰি ৰাখি তেওঁলোকৰ মাটি বিক্ৰী কৰা বুলি হস্তাক্ষৰ প্ৰদান কৰিবলৈ জোৰ কৰিছিল। কিন্তু কৃষকসকলে সেয়া কৰিবলৈ অস্বীকাৰ কৰাত সমাজবাদী নেতাজনে তেওঁলোকৰ ভূমিত বেদখল আৰম্ভ কৰে।

ইফালে ৰাজ্যখনৰ কেইবাখনো আৰক্ষী চকীত ৩০ টাৰো অধিক গোচৰ ৰুজু হৈ থকা আজম খানৰ এইবাৰ ভূ-মাফিয়া হিচাপে উত্তৰ প্ৰদেশ চৰকাৰৰ 'এন্টি ভূ-মাফিয়া' পৰ্টেলত অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ২০১৭ চনত উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিয়েই ৰাজ্যখনৰ ভূমি বেদখল সন্দৰ্ভত তদন্ত কৰিবলৈ গঠন কৰিছিল 'এন্টি ভূ-মাফিয়া পৰ্টেল'।

আৰক্ষীয়ে সদৰি কৰা মতে, নৱনিৰ্বাচিত লোকসভা সদস্য আজম খানৰ বিৰুদ্ধে ৰুজু হৈ থকা অধিকাংশ গোচৰেই হৈছে ভূমি সংক্ৰান্ত্ৰীয়। নেতাগৰাকীয়ে ৰাজনৈতিক ক্ষমতাৰ সুযোগ লৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত ভূমি বেদখল কৰি আহিছে। ৰামপুৰ আৰক্ষী অধীক্ষক অজয় পাল শৰ্মাই সদৰি কৰা মতে, আজম খানৰ বিৰুদ্ধে ৰুজু হৈ থকা কেইবাটাও ভূমি সংক্ৰান্তীয় গোচৰৰ পৰিপ্ৰেক্ষিততে নেতাগৰাকীৰ নাম এন্টি ভূ-মাফিয়া পৰ্টেলত অন্তৰ্ভূক্ত কৰা সিদ্ধান্ত লোৱা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in