মুখ্য-পৃষ্ঠা

শিলচৰত আজৱ ঘটনাঃ হোটেলত কফি খাই ঘূৰি ফুৰিছে কোৰোনাত আক্ৰান্ত দুগৰাকী যুৱতী…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ ৰাজ্যত কৰোনাই ভয়ংকৰ ৰূপ ধাৰন কৰাৰ পিচতো মুঠেই সচেতন নহয় একাংশ লোক ৷ কভিডৰ নীতি নিয়ম ভৰিৰে মোহাৰি একাংশ লোকে কোৰোনা আক্ৰান্ত লোকক লগত লৈ চাহ দোকানত কফি খোৱাৰ লগতে দুগৰাকী কৰোনা পজিটিভ যুৱতীক কভিড টেষ্ট চেন্টাৰৰ পৰা খোজ কাঢ়ি ঘৰলৈ লৈ যোৱাৰ ঘটনা ঘটিছে এই খন অসমত ৷

এয়া বুধবাৰে সন্ধিয়া শিলচৰ চহৰৰ দৃশ্য ৷ কভিড পজিটিভ ধৰা পৰাৰ পিচত কভিড টেষ্ট চেন্টাৰৰ পৰা এইদৰে এক কিমি খোজকঢ়ি ঘৰলৈ গৈছে ৷ বুধবাৰে আবেলি শিলচৰ অসামৰিক চিকিৎসালয়ৰ কভিড টেষ্ট চেন্টাৰত কভিড টেষ্ট কৰাৰ পিচত পদ্মা মাঝি আৰু অৰ্চনা মাঝি নামৰ যুৱতী দুগৰাকীৰ দেহত কভিড পজিটিভ ধৰা পৰে ৷

পজিটিভ ধৰা পৰা পিচত কভিড টেষ্ট চেন্টাৰৰ পৰা ওলাই আহি হাস্পতাল চৌহদত থকা এই খন চাহ দোকানত কফিও খালে কৰোনাত আক্ৰান্ত যুৱতীদ্বয়ে ৷ যুৱতী দুগৰাকী পৰিচাৰিকা হিচাপে কাম কৰে এই গৰাকী মোহিনী নেওয়াৰ নামৰ শিক্ষক জনৰ ঘৰত ৷ শিক্ষক জনেই বুধবাৰে তেওঁলোকক হাস্পতালয়লৈ লৈ গৈছিল কভিড টেষ্ট কৰিবলৈ ৷

কভিড টেষ্ট কৰাৰ পিচত শিক্ষক জনেই যুৱতী দুগৰাকীক কফি খুৱালে এই চাহ দোকান খনত ৷ শিক্ষক জনৰ এনে কৰ্মকাণ্ড প্ৰতক্ষ্য কৰি দুজন সংবাদ কৰ্মীয়ে বিষয়টো লগে লগে উপায়ুক্ত আৰু আৰক্ষীক অৱগত কৰে ৷ ইয়াৰ পিচত আৰক্ষী আহি কৰোনা পজিটিভ যুবতী দু গৰাকীক এচকৰ্ট দি শিলচৰ নতুনপট্টিৰ ঘৰত থৈ আহে ৷

ইফালে, কিয় কৰোনা আক্ৰান্ত ৰোগী দুগৰাকীক খোজকঢ়াই আনিব লগা হল, জানিব বিচৰাত শিক্ষক জনে কলে, কভিড পজিটিভ যুবতী দ্বয়ক হোম আইছোলেছনত ৰাখিবলৈ স্হাস্হ্য বিভাগে পৰামৰ্শ দিছে ৷ সেয়ে এইদৰে খোজকাঢ়ি আহিব লগা হ'ল ৷ কৰোনা ৰোগীক খোজকাঢ়ি অনা আৰু চাহ দোকানত গৈ কফি খোৱা কভিডৰ নীতিৰ পৰিপন্থী ৷

পজিটিভ চিনাক্ত হোৱাৰ পিচত তেনে লোকক হোম আইছোলেছনত নিব লগা হলে ব্যক্তিগত বাহনত নিয়াতো বাধ্যতামূলক ৷ কিন্তু তেওঁ কিয় চৰকাৰী নিয়ম উলংঘা কৰিলে বুলি সোধাত, শিক্ষক জনৰ উত্তৰ – আমাক স্হাস্হ্য বিভাগে এই বিষয়ে একো কোৱা নাই ৷ এতিয়া এইদৰে এক কিমি পথ খোজকাঢ়ি কৰোনা সংক্ৰমণ কৰা শিক্ষক জনৰ বিৰুদ্ধে কি ব্যৱস্হা লয় কাছাৰ জিলা প্ৰশাসন আৰু স্হাস্হ্য বিভাগে, সেয়া হব লক্ষণীয় ৷