নিৰ্মীয়মান অৱস্থাতে খঁহি পৰিল মাধৱদেৱ কলাক্ষেত্ৰৰ দেৱাল…

নিৰ্মীয়মান অৱস্থাতে খঁহি পৰিল মাধৱদেৱ কলাক্ষেত্ৰৰ দেৱাল…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : নাৰায়ণপুৰত নিৰ্মীয়মাণ অৱস্থাতে খহি পৰিল শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ দেৱাল । নিশাৰ ভাগত খহি পৰিল প্ৰায় ৫০ মিটাৰ দৈঘ্যৰ বাউণ্ডেৰি দেৱালখন ৷ বিগত কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতে বাউণ্ডেৰি দেৱালখন খহি পৰাত নাৰায়ণপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঠিকাদাৰৰ নিম্ন মানদণ্ডৰ কামৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত বিভাগীয় কৰ্ত্তৃপক্ষৰ চোকা নজৰ কামনা কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য যে প্ৰায় ৩৪ কোটি টকাৰে নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দান সূত্ৰে আগবঢ়োৱা ভূমিত প্ৰকল্পটোৰ নিৰ্মান কাৰ্য চলি আছে ৷

আনহাতে যোৱা মঙ্গলবাৰে বিহপুৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড.অমীয় কুমাৰ ভূঞাই নিৰ্মাণ কাৰ্য অব্যাহত থকা কলাক্ষেত্ৰখন পৰিদৰ্শণ কৰি কাম লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ঠিকাদাৰক নিৰ্দিষ্ট সময়ৰ ভিতৰত কলাক্ষেত্ৰ কাম সম্পূৰ্ণ কৰাৰ বাবে সকিয়নী দিছিল ।

বিধায়ক গৰাকীৰ পৰিদৰ্শণৰ এদিনৰ পিছতে এনেদৰে প্ৰায় ৫০ মিটাৰ দৈৰ্ঘ্যৰ এখন দেৱাল খহি পৰাৰ ঘটনাই কেৱল নিৰ্মাণ কাৰ্যৰ লেহেমীয়া হোৱাই নহয় ঠিকাদাৰৰ নিম্নমানৰ কামৰ কথাও পোহৰলৈ আহিছে । এই ক্ষেত্ৰত বিভাগীয় কৰ্ত্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক গৰাকীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যণীয় হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in